Kolkata Rape-Murder: What Supreme Court Said To West Bengal Govt:কলকাতাত চিকিৎসকক ধর্ষণ-হত্যাক লৈ সৰ্বোচ্চ ন্যায়ালয়ত শুনানি

চিবিআইক তদন্তৰ ক্ষতিয়ান ২২ আগষ্টৰ ভিতৰত দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ, চিকিৎসকৰ মৃতদেহ গতাই দিয়াৰ তিনিঘণ্টা পিছত এফ আই আৰ দাখিলত পলম হোৱাক লৈ সন্দৰ্ভত প্ৰশ্ন ন্যায়ালয়ৰ, ভুক্তভোগীৰ পৰিচয় আৰু ফটো সংবাদ মাধ্যমক প্ৰকাশক লৈ উদ্বেগ প্ৰকাশ ন্যায়ালয়ৰ,

sc

Kolkata Rape-Murder: What Supreme Court Said To West Bengal Govt:

সমগ্ৰ দেশ জোকাৰি যোৱা কলকাতা আৰ জি কৰ চিকিৎসালয় আৰু হাস্পতালত সংঘটিত যুৱতী চিকিৎসকৰ ধৰ্ষণ- হত্যাকাণ্ডক লৈ ইতিমধ্যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ ৰজু কৰা গোচৰৰ শুনানি আজি আদালতত আৰম্ভ হয় ৷

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন বিচাৰপীঠৰ শুনানিত আদালতে কঠোৰ মন্তব্য প্ৰকাশ কৰে উল্লিখিত ঘটনাক লৈ। উল্লেখ্য যে,এই জঘন্য ঘটনাৰ তদন্ত ইতিমধ্যে ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে চিবিআই– এ ৷ দেশৰ অনুসন্ধানকাৰী সন্থাটোৰ তদন্ত অব্যাহত থকাৰ মাজতে আজিৰ শুনানিত ন্যায়ালয়ে কয়,কলকাতাৰ সংশ্লিষ্ট চিকিৎসালয়ত সংঘটিত ঘটনা অতি ঘৃণনীয় আৰু চুড়ান্ত অপৰাধমূলক কাৰ্য ৷ ২২ আগষ্টৰ ভিতৰত তদন্তৰ প্ৰাৰম্ভিক প্ৰতিবেদন আদালতত দাখিল কৰিবলৈ চিবিআইক নিৰ্দেশ দিয়ে ন্যায়ালয়ে।

ইমান স্পৰ্শকাতৰ ঘটনা এটাৰ এফ আই আৰ দাখিলত কিয় পলম কৰা হ’ল বুলি পশ্চিমবংগ চৰকাৰক ভৎসনা কৰে ৷ এই ঘটনাটোৰ ফলত কৰ্মৰত চিকিৎসকৰ নিৰাপত্তা দিশটো পুনৰ পৰ্যালোচনা কৰাৰ দৰকাৰ। তেওঁলোকৰ সুৰক্ষা দিবই লাগিব ৷এই বিষয়ত লৈ আদালতে গঠন কৰিব বিশে টাস্ক ফৰ্চ ৷

আনহাতে মহিলা চিকিৎসক সকল নিৰাপত্তাহীনতাত ভূগিছে। তেওঁ লোকে ৩৬ ঘন্টাই কাম কৰে ৷ এইক্ষেত্ৰত তেওঁলোকৰ নিৰাপত্তা নিশ্চিত হ’বই লাগিব। অন্যাৰ্থাই তেওঁলোকৰ অধিকাৰ খৰ্ব কৰাৰ দৰে হ’ব ৷ চিকিৎসালয় খনত সংঘটিত এই ঘটনা এতিয়া সাধাৰণ ঘটনা হৈ থকা নাই বুলি মন্তব্য কৰি তিনিজনীয়া বিচাৰপীঠতে পশ্চিমবংগ আৰক্ষীক প্ৰশ্ন কৰি কয়,মৃতদেহ মৰনোত্তৰ পৰীক্ষা কৰি পৰিয়ালৰ হাতত গতাই দিয়া তিনিঘণ্টাৰ পিছত কিয় এফ আই আৰ দাখিল কৰা হ’ল ৷

জঘন্য ঘটনাটোক লৈ কেতবোৰ উদ্থাপিত অভিযোগক লৈ ইতিমধ্যে ন্যায়ালয়ক কেন্দ্ৰীয় চৰকাৰে পশ্চিমবংগৰ ডিজিপিক সলনি কৰিবলৈ ন্যায়ালয়ক জনাইছে বুলি উল্লেখ কৰি তিনিজনীয়া বিচাৰপীঠে কয়,৯ আগষ্টত চিকিৎসক গৰাকীক ধৰ্ষণ- হত্যাৰ পাঁচদিনৰ পিছত ১৫ আগষ্টত নিশা কে’বাসহস্ৰাধিক দুৰ্বৃত্তই চিকিৎসলয় খনত কিদৰে হিংসাত্মক কাৰ্য সংঘটিত কৰিবলৈ পালে তাক লৈ প্ৰশ্ন কৰে পশ্চিমবংগ চৰকাৰক ৷ কিয় সেই হিংসা ৰোধ কৰিবলৈ সক্ষম নহ’ল বংগ আৰক্ষী ৷ শেহতীয়াকৈ এই ঘটনাক লৈ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে বংগ আৰক্ষীয়ে কঠোৰ পদক্ষেপ লোৱাক লৈ আদালতে উদ্বেগ প্ৰকাশ কৰি কয়,ঘটনাৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে বল প্ৰয়োগ কৰা অনুচিত ৷

আনহাতে,টাস্ক ফ’ৰ্চে মহিলাৰ সুৰক্ষাৰ ওপৰত প্ৰয়োজনীয় পৰামৰ্শ দিব লাগে বুলিও মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে। একেদৰে আন্দোলন কৰা চিকিৎসকক কৰ্মক্ষেত্ৰলৈ উভতি যাবলৈ আহ্বান জনায় ন্যায়ালয়ে।

Exit mobile version