My Quarantine Diary’ short film Released:মাই কোৱাৰেণ্টাইন ডায়েৰী’ শীর্ষক চুটি ছবি মুক্তি

SHORTFLIM

My Quarantine Diary’ short film Released:

মহানগৰীৰ জ্যোতি চিত্রবনত কালি ‘মাই কোৱাৰেণ্টাইন ডায়েৰী’ শীর্ষক চুটি ছবিখনৰ শুভমুক্তি আৰু প্রদর্শন কৰা হয়। এই ছবিখনৰ পৰিচালনা আৰু প্রযোজনা কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা ফাৰদিনা হুছেইনে।

ইংৰাজী সাহিত্য আৰু ফিল্ম ষ্টাডিছত বিশেষ পাৰদর্শিতা অর্জন কৰা হুছেইনৰ এইখন প্রথম ছবি। ছবিখনৰ প্রদর্শনী আৰু মুকলি অনুষ্ঠানত অসমীয়া ছবি জগতৰ জনপ্রিয় অভিনেতা কপিল বৰাকে ধৰি কে’বাজনো শিক্ষাবিদ, ছাত্র- ছাত্রী, চলচ্চিত্ৰ অনুৰাগীকে ধৰি বহুসংখ্যক লোক উপস্থিত থাকে।

৩১ মিনিটৰ চুটি ছবিখন ক’ভিড-১৯ৰ ওপৰত লিখা এটা গল্পক আধাৰ কৰি নির্মাণ কৰা হৈছে। ক’ভিডে সৃষ্টি কৰা দূৰত্ব আৰু একাকিত্বই পৃথক কৰা সমকামী প্রেমিক যুগলৰ মনস্তাত্ত্বিক যাত্ৰাৰ কাহিনীৰ গাথা এই ছবিখন। অভিনেতা ভাস্কৰ বৰুৱা আৰু কৌশিক হাজৰিকাই ছবিখনত মূল ভূমিকাত অভিনয় কৰিছে।

Exit mobile version