Prime Minister Narendra Modi will visit Ukraine this month:চলিত মাহতে ইউক্রেইনলৈ যাব প্রধানমন্ত্রী মোদী

modi 6666

Prime Minister Narendra Modi will visit Ukraine this month:

ৰাছিয়া-ইউক্রেইন যুদ্ধৰ আৰম্ভণিৰ পাছত প্ৰথমবাৰ ইউক্রেইন ভ্ৰমণ কৰিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে চলিত মাহতে মোদীয়ে ভ্রমণার্থে ইউক্রেইনলৈ যোৱাৰ সম্ভাৱনা আছে আৰু এই বিষয়ে সংবাদমেলৰ জৰিয়তে আনুষ্ঠানিকভাৱে শীঘ্রে ঘোষণা কৰা হ’ব।

উল্লেখ্য যে যোৱা মাহত মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰিছিল। যোৱা জুনত ইটালীত অনুষ্ঠিত জি-৭ সম্মিলনত মোদীয়ে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ জেলেনস্কিক সাক্ষাৎ কৰিছিল। সূত্ৰৰ খবৰ অনুসৰি,অহা ২১-২৩ আগষ্টত ইউক্রেইন ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী মোডী ৷

Exit mobile version