DB STOCK BROKING:চাৰি হেজাৰ কোটি টকা লুটি পলায়ন মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন

আৰক্ষীৰ জালত মহাপ্ৰৱঞ্চকৰ প্ৰেয়সী, দীপাংকৰৰ DB STOCK BROKINGৰ শ্বেয়াৰত বিনিয়োগ কৰিছিল ২৩ হেজাৰলোকে, হাইদৰাবাদৰ এজন লোকে বিনিয়োগ কৰিছিল কোটি টকা, অষ্ট্ৰেলিয়া সহ বহি:দেশৰ বহু লোকৰ কোটি টকা বিনিয়োগ, মহানগৰীৰ কাৰ্যালয়ত বিনিয়োগকাৰীৰ হাহাকাৰ

dipankar

DB STOCK BROKING

এশ- দুশ নহয় প্ৰায় ৪ হাজাৰ কোটি টকা লুটি গুৱাহাটীৰ পৰা পলায়ন এজন ২৫ বছৰীয়া মহা প্ৰবঞ্চকৰ ৷ দীপাংকৰ বৰ্মন নামৰ গুৱাহাটী জালুকবাৰীৰ এই মহা প্ৰবঞ্চক জনে ডিবি ষ্টক ব’কিং (DB STOCK BROKING) নামৰ শ্বেয়াৰ মাৰ্কেটিঙ সন্থা এটা স্থাপন কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে বহি:ৰাজ্যৰ পৰিধি ভেদি সুদুৰ অষ্ট্ৰেলিয়াৰ প্ৰায় ২৩ হেজাৰ লোকৰ ধন বিনিয়োগ কৰাৰ নামত সংগ্ৰহ কৰিছিল প্ৰায় চাৰি হেজাৰ টকা ৷

ধন লুট কৰি পলায়নৰ পিছতে আৰক্ষীৰ জালত পৰে ধুৰন্ধৰৰ প্ৰেয়সী- বাগদত্তা ৷ আনকি দুয়োৰে বিয়া ঠিক কৰাও হৈছিল। ১০ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব লগা বিয়াৰ বাবে বিবাহ বাহৰ ঠিক কৰিছিল ‘ পঞ্চতাৰকা তাজ ভিভাণ্টা ৷ আনকি হনিমুনৰ বাবে স্থানো ঠিক কৰিছিল চুইজাৰলেণ্ড ৷

কিন্ত প্ৰেয়সী ঠিকনা হ’লগৈ পানবজাৰ মহিলা আৰক্ষী থানা । উদ্থাপিত অভিযোগ অনুসৰি গুৱাহাটী সহ দেশ- বিদেশত অগাধ সম্পত্তিৰ গঢ়ি তোলা DB STOCKৰ স্বত্বাধিকাৰী দীপাংকৰৰ সকলো অবৈধ কাণ্ডৰ অন্যতম সহযোগী প্ৰেয়সীৰ বাসগৃহ আৰু মহাপ্ৰবন্ধকৰ বাসগৃহ ধন বিচাৰি ইতিমধ্যে ভিৰ কৰিছে গ্ৰাহকে ৷ পিতৃ প্ৰবক্তা ,মাতৃ আয়কৰ বিষয়াৰ অবাধ্য পুত্ৰৰ এই কাৰ্যৰ বাবে দুখ প্ৰকাশ কৰি ফেচবুক যোগে পিতৃয়ে পুত্ৰলৈ ধন বিনিয়োগ কৰা প্ৰতিজন গ্ৰাহকক উভতাই দিবলৈ আহ্বান জনোৱাৰ লগতে আত্মসমৰ্পণ কৰিবলৈ কয় ৷

উল্লেখ্য যে অভিযুক্ত দীপাংকৰৰ প্ৰতিটো কামৰ সোঁহাত স্বৰূপ আছিল সুন্দৰী বাগদত্তা গৰাকী। যোৱা কেইবাদিন ধৰি গ্ৰাহকে ধন বিচাৰি থকাত অতিষ্ঠ হৈ মঙলবাৰে নিশা প্ৰেয়সী দ্বাৰস্থ হৈছিল লতাশিল থানাত ৷ থানায়ো ৰক্ষনাবেক্ষণ দিছিল যদিও আৰক্ষীয়ে তদন্তমৰ্মে আজি পানবজাৰ মহিলা আৰক্ষীক গতাই দিয়ে।

আজি মহানগৰীৰ জিএছ ৰোডস্থ উলুবাৰীৰ সমীপৰ বৰা ছাৰ্ভিছত থকা DB STOCK BROKING কাৰ্যালয়ত ধন বিচাৰি গ্ৰাহকৰ ভিৰ হৈছে যদিও ইতিমধ্যে এই কাৰ্যালয়টোত ওলমিছে প্ৰকাণ্ড তলা। একেদৰে তলা ওলমিছে নলবাৰী কাৰ্যালয়ত।

উল্লেখযোগ্য ধুৰন্ধৰ মহাপ্ৰবন্ধকৰ ধনৰ মোহত বন্দী হৈ চাৰিবছৰ ধৰি প্ৰেমত আবদ্ধ হোৱাৰ লগতে আওপকীয়াকৈ ব্যৱসায়ৰো সংগী হৈ সাজু হৈছিল বিবাহত বহিবলৈ ৷ কিন্ত বিধিৰ বিপাক হাজাৰ হাজাৰ কোটি টকা লুট কৰি প্ৰবঞ্চক প্ৰেমিকৰ পলায়নৰ বিপৰীতে এতিয়া বিলাইবিপত্তি নোহোৱা হৈছে সুন্দৰী বাকদত্তাৰ ৷

উল্লেখ্য যে বুধবাৰে সন্ধিয়া লৈকে মহা প্ৰবঞ্চকৰ বিৰুদ্ধে কোনো এখন থানাত এটাও গোচৰ ৰজু নোহোৱা হেতুকে আৰক্ষী আগবাঢ়িব পৰা নাই তদন্তলৈ ৷এই কথা খোদ সদৰি কৰিছে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই

মনকৰিবলগীয়া যে,ধুৰন্ধৰ দীপাংকৰ বৰ্মনৰ DB STOCK BROKING ত ধন বিনিয়োগ কৰাৰ ভিতৰত আছিল বহু হাইপ্ৰফাইল লোক ৷ ইয়াৰ ভিতৰত আছিল ৰাজনৈতিক নেতা ৷ গুৱাহাটী সহ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিস্থিত ব্যৱসায়ী ৷ গুৱাহাটীৰ এজন ব্যৱসায়ী আৰু অষ্ট্ৰেলিয়াৰ এজন লোকে প্ৰায় ৮০ লাখকৈ বিনিয়োগ কৰাৰ বিপৰীতে হাইদৰাবাদৰ ৰেড্ডী নামৰ আগশাৰীৰ ব্যৱসায়ীয়ে বিনিয়োগ কৰিছিল ২৫ কোটি টকা।

প্ৰাপ্ত খবৰ অনুসৰি হাইদৰাবাদৰ ৰেড্ডী নামৰ আগশাৰীৰ ব্যৱসায়ীজন ধন বিচাৰি গুৱাহাটীত উপস্থিত হৈছে যদিও আৰক্ষীৰ দ্বাৰস্থ হোৱা নাই ৷

Exit mobile version