Panchayat Minister Ranjit kr. Das Pressmeet In Silchar:: ৰাজ্যত ডিচেম্বৰত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

সদৰি কৰিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

ranji kumer das

Panchayat Minister Ranjit kr. Das Pressmeet In Silchar:

ৰাজ্যত চলিতবৰ্ষৰ ডিচেম্বৰত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। এই কথা সদৰি কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। নিৰ্বাচন সম্পূৰ্ণ নিকা হ’ব ৷ প্ৰথমবাৰৰ বাবে এইবাৰ পঞ্চায়ত নিৰ্বাচনত নাথাকে দলীয় প্ৰতীক চিহ্ন ৷ পঞ্চায়ত সভাপতিক ৰাইজে নিৰ্বাচন নকৰে ৷ নিৰ্বাচন কৰিব নিৰ্বাচিত পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলে ৷ উল্লেখ্য যে পূৰ্বতে গাঁও পঞ্চায়ত সভাপতিক ভোটাৰে নিৰ্বাচিত কৰিছিল ৷ সভাপতিৰ বাবে হৈছিল নিৰ্বাচন ৷

শিলচৰৰ বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত মন্ত্ৰী গৰাকীয়ে কয়, ৩১ আগষ্টৰ পূৰ্বে পঞ্চায়ত গঠন কৰাৰ বিপৰীতে ৭ ছেপ্তেম্বৰৰ ভিতৰত গঠন কৰা হ’ব উন্নয়ন খণ্ড ৷ আনহাতে পঞ্চায়ত – উন্নয়ন খণ্ড সমূহ পুনৰ গঠন হ’ব ২০০১চনৰ লোকপিয়ল অনুসৰি ৷

মন্ত্ৰী গৰাকীয়ে আৰু কয়,পঞ্চায়ত – উন্নয়ন খণ্ড সমূহ পুনৰ গঠনৰ অন্তত চলিতবৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন ৷

মনকৰিবলগীয়া যে,ৰাজ্য চৰকাৰে আঠ জুলাইত এক নিৰ্দেশনা যোগে পঞ্চায়ত পৰিচালনাৰ বাবে বিশেষ কমিটি গঠন কৰিছিল। সেই অনুসৰি ইতিমধ্যে বৰ্তমান জিলা পৰিষদ সমূহ পৰিচালিত হৈ আছে সংশ্লিষ্ট জিলাৰ অভিভাৱক মন্ত্ৰীৰ নেতৃত্বত৷ আনহাতে এই পৰিচালনা সমিতিৰ অধ্যক্ষ অভিভাৱক মন্ত্ৰী গৰাকী থকাৰ বিপৰীতে সদস্য সচিব হিচাপে আছে জিলা আয়ুক্ত আৰু সদস্য হৈছে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৷

আনহাতে আঞ্চলিক পঞ্চায়ত পৰিচালিত হৈ বিধায়কৰ নেতৃত্বত ৷ এই কমিটিৰ অধ্যক্ষ বিধায়ক গৰাকী থকাৰ বিপৰীতে সদস্য সচিব হিচাপে আছে অতিৰিক্ত জিলা আয়ুক্ত বা জিলা পৰিষদৰ চিইঅ’ ৷ একেদৰে গাঁও পঞ্চায়ত পৰিচালিত হৈ আছে খণ্ড উন্নয়ন বিষয়াৰ নেতৃত্বত ৷ ইয়াত সদস্য সচিব ৰূপে আছে সংশ্লিষ্ট গাঁও পঞ্চায়তৰ সচিবজন ৷

Exit mobile version