cm

Reaction Of Journalist’s Organizations:

মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ধৰ্মৰ ভিত্তিত সাংবাদিকক লক্ষ্য কৰি লোৱাক লৈ বিভিন্ন সাংবাদিক সংগঠনৰ তীব্ৰ প্ৰতিক্ৰিয়া |

➡️সাংবাদিক শ্বাহ আলমে মুখ্যমন্ত্ৰী সোধা এক প্ৰশ্নোত্তৰত উপলুঙাসূচক তীৰ্যক মন্তব্যৰ গৰিহণা জুৱাৰ

ৰাজ্যৰ এটা সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক শ্বাহ আলমে কৰ্তব্যৰত অৱস্থাত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক পাহাৰ খননৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে পোনপটীয়া উত্তৰ নিদি সাংবাদিক গৰাকীক উদ্দেশ্যি কৰা উপলুঙাসূচক মন্তব্য দুৰ্ভাগ্যজনক ।

এক বিবৃতিত জাৰ্নেলিষ্ট ইউনিয়ন অব আসাম (জুৱা)ৰ সভানেত্ৰী চেমিম চুলতানা আহমেদ আৰু সাধাৰণ সম্পাদক ধনজিৎ কুমাৰ দাসে কয়, প্ৰশ্নৰ উত্তৰ নিদি মুখ্যমন্ত্ৰীই প্ৰসংগবিহীন বাবে সাংবাদিক গৰাকীৰ নাম উচ্চাৰণ কৰি ধৰ্মীয় পৰিচয় টানি আনি তেওঁৰ প্ৰতি কৰা ব্যক্তিগত অপমান গ্ৰহণযোগ্য নহয়। ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীই সাংবিধানিক পদমৰ্যাদা লাঘৱ কৰিছে । তদুপৰি সাংবাদিকৰ প্ৰশ্ন কৰাৰ অধিকাৰ নস্যাৎ কৰা হৈছে। আগন্তুক দিনত এনে আচৰণৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিৰত থাকিবলৈ জুৱাই আহ্বান জনায় ৷

➡️ধৰ্মৰ ভিত্তিত সাংবাদিকক লক্ষ্য কৰি লোৱাটো উদ্বেগজনক

অসমৰ বহুকেইগৰাকী ৰাজনৈতিক নেতাই বিভিন্ন সময়ত সাংবাদিকসকলক তুচ্ছ-তাচ্ছিল্য কৰি অহাৰ সময়তে মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ২১ আগষ্টত এগৰাকী সাংবাদিকে সোধা এটা প্ৰশ্নৰ প্ৰসংগত ধৰ্মীয় মেৰুকৰণেৰে সাংবাদিকগৰাকীক লক্ষ্য কৰি লোৱাতো গুৱাহাটী প্ৰেছ ক্লাবৰ দৃষ্টি গোচৰ হৈছে।মুখ্যমন্ত্ৰী গৰাকীৰ এই মন্তব্যত উদ্বেগ প্ৰকাশ কৰা হৈছে। ভৱিষ্যতে এনে ধৰণৰ কাৰ্যৰ পুনৰাবৃত্তি যাতে নকৰে তাৰ প্ৰতি গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰীৰ লগতে সকলো ৰাজনৈতিক নেতাক আহ্বান জনালো।

➡️ধৰ্মৰ ভিত্তিত সাংবাদিকক অপদস্ত কৰাত উদ্বিগ্নতা

সংবাদ প্ৰতিষ্ঠানৰ হৈ দায়িত্ব সম্পাদনৰ সময়ত বহু নেতা-কৰ্মীয়ে সাংবাদিক আৰু সংবাদ কৰ্মীক অপদস্ত কৰাৰ ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে।

শেহতীয়াভাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ২১ আগষ্টত এগৰাকী সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ সাংবাদিকগৰাকীৰ ধৰ্মক কেন্দ্ৰ কৰি তেওঁক ৰাজহুৱাভাবে তাচ্চিল্য কৰা পৰিলক্ষিত হয়। কৰ্তব্য সম্পাদনৰ সময়ত সন্মুখীন হোৱা এনে ধৰনৰ আচৰণ সংবাদ মহলৰ বাবে দুৰ্ভাগ্যজনক । ভৱিষ্যতে এনে ধৰণৰ আচৰণৰ পুনৰাবৃত্তি নকৰিবলৈ মুখ্যমন্ত্ৰীৰ লগতে লগতে আন নেতা-কৰ্মীসকলকো আহ্বান জনোৱা হৈছে অসম মহিলা সাংবাদিক মঞ্চৰ তৰফৰ পৰা।

এনে পৰিস্থিতিত ভুক্তভোগী সাংবাদিক আৰু সংবাদ কৰ্মীক ৰক্ষণাবেক্ষণ দিবলৈ মঞ্চই লগতে সম্পাদক আৰু সংবাদ প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষক আহ্বান জনায়।

➡️ সাংবাদিক শ্বাহ আলমক মুখ্য মন্ত্ৰীয়ে কৰা ব্যৱহাৰ গ্ৰহণ যোগ্য নহয় : জাফা

সাংবাদিকৰ কামেই হৈছে বিভিন্ন ঘটনা -পৰিঘটনাৰ সত্য তথ্য উদ্ঘাটন কৰা। সেই উদ্দেশ্যে সাংবাদিক শ্বাহ আলমে এটা প্ৰশ্ন কৰিছিল । শ্বাহ আলমে এখন পাহাৰ কটা লৈ প্ৰশ্ন কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিস্ব শৰ্মাক। তাৰ পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিক শ্বাহ আলমক উদ্দেশ্যি যি মন্তব্য আগবঢ়ালে সেয়া হয়তো সকলোৱে শুনিছে বা দেখিছে । এগৰাকী সাংবাদিকক কৰা এনে ব্যৱহাৰ কেতিয়াও গ্ৰহণযোগ্য হব নোৱাৰে ।

এক বিবৃতিত জাফাৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে কয় যে -প্ৰশ্ন কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিক শ্বাহ আলমক যি ব্যৱহাৰ কৰিলে তাৰ বাবে জাফা’ই দুখ প্ৰকাশ কৰিছে । অনাগত দিনত যাতে মুখ্যমন্ত্ৰী গৰাকীয়ে এনে ধৰনৰ মন্তব্য আগ নবঢ়ায় তাৰ বাবে আমি জাৰ্ণেলিষ্ট এছোচিয়েচন ফৰ আসাম চমুকৈ জাফা’ৰ তৰফৰ পৰা বিনম্ৰভাবে আহ্বান জনালোঁ ।

Exit mobile version