Assamese mountaineer Shekhar Bardoli successfully climbs the five highest peaks of Ladakh:
ৰাজ্যৰ আগশাৰী পৰ্বতাৰোহী শেখৰ বৰদলৈয়ে তেওঁৰ “প্ৰকল্প ৫ শৃংগ” ৰ অন্যতম আশ্চৰ্যকৰ কৃতিত্ব সম্পন্ন কৰাৰ একেবাৰে ওচৰলৈ গৈ আছে। বৰদলৈয়ে এই অভিযানত লাডাখৰ পাঁচ শক্তিশালী শৃংগ আৰোহণৰ প্ৰচেষ্টাৰ অংশ ৰূপে শেহতীয়াকৈ তেওঁ ৬২৮০ মিটাৰ উচ্চতাৰ দ্জো জংগো পশ্চিম শৃংগ আৰোহণত সফলতা লাভ কৰিছে। এই প্ৰকল্পৰ প্ৰথম দুই পৰ্যায়ত সম্পন্ন কৰি বৰ্তমান বৰদলৈয়ে আন চাৰি শৃংগ আৰোহণো সম্পন্ন কৰিছে।
ADVERTISEMENT
ইয়াৰ পূৰ্বে ১৫ আগষ্টত বৰদলৈয়ে কাং যাটসে ১ শৃংগ আৰোহণৰ সফলতা লাভ কৰে, যাক তেওঁ তেওঁৰ তালিকাৰ আটাইতকৈ কঠিন শৃংগ হিচাপে বর্ণনা কৰে।