Autumn Session of the Assam Legislative Assembly:অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটোতে সদন উত্তাল কৰিলে বিৰোধীয়ে

স্মাৰ্ট মিটাৰ, শিৱসাগৰ ঘটনাক সভা স্থগিতৰ প্ৰস্তাৱ বিৰোধীৰ, অধ্যক্ষই প্ৰস্তাৱ অগ্ৰাহ্য কৰাত বিৰোধীৰ সদন ত্যাগ

akhil gogoi

Autumn Session of the Assam Legislative Assembly:

আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন ৷ অধিৱেশনৰ প্ৰথমদিনাই স্মাৰ্টমিটাৰ আৰু শিৱসাগৰত এগৰাকী অসমীয়া যুৱতী অনা অসমীয়াই শাৰীৰিকভাৱে প্ৰহাৰ কৰা ঘটনাক লৈ সদন উত্তাল কৰি তোলে কংগ্ৰেছ সহ বিৰোধী বিধায়ক সকলে ৷

উল্লেখ্য যে বিৰোধীয়ে সদনত শিৱসাগৰ ঘটনাক লৈ সুকীয়া আলোচনাৰ দাবী কৰাৰ বিপৰীতে স্মাৰ্ট মিটাৰক লৈ সভা স্থগিত ৰখাৰ প্ৰস্তাৱ দিছিল যদিও অধ্যক্ষই দুয়োটা দাবী মানি নোলোৱাত ক্ষোভিত হৈ পৰে বিৰোধী পক্ষ ৷ পিছত স্মাৰ্টমিটাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে সদন উত্তাল কৰি সদন ত্যাগ কৰে ৷

স্মতৰ্ৱ্য যে,সদন কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ লগে লজে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই বিশেষ বিষয় এটাত বিবৃত্তি প্ৰদান কৰাৰ সময়তে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৰাজ্যত শেহতীয়াকৈ আইন শৃংখলাৰ ব্যাপক অৱনতি ঘটিছে বুলি উল্লেখ কৰি কয়, মুখ্যমন্ত্ৰী যি বিবৃত্তি দিছে তাতে উল্লেখ কৰা হৈছে যে ৰাজ্যৰ ২২ গৰাকী মহিলা- যুৱতী ধৰ্ষণৰ বলী হৈছে । একেদৰে গৃহ বিভাগৰ চৰম ব্যৰ্থতাৰ বাবে আলফা স্বাধীন গুৱাহাটী সহ ৰাজ্যৰ ২৫ স্থানত বোমা সংস্থাপন কৰিলে ৷ কিন্ত উৱাদিহে নেপালে মুখ্যমন্ত্ৰীৰ গৃহ বিভাগে৷ এনেক্ষেত্ৰত নিজ বিভাগৰ ব্যৰ্থতা স্বীকাৰ কৰি মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী তোলে ৷

আনহাতে স্মাৰ্ট মিটাৰ আৰু শিৱসাগৰত অনা অসমীয়াৰ দ্বাৰা অসমীয়া যুৱতী প্ৰহাৰ কৰা ঘটনাক লৈ বিৰোধীৰ হৈ বিধায়ক অখিল গগৈয়ে সভা স্থগিতৰ প্ৰস্তাৱ উদ্থাপন কৰে সদনত ৷ বিধানসভাৰ শূন্যকালীন ঘণ্টাত ৰাজ্যৰ আইন-শৃংখলাক লৈ বাক-বিতণ্ডা। ৰাজ্যত সৃষ্টি হোৱা বোমাতংক লৈ গৃহবিভাগক সমালোচনা অখিল গগৈৰ। অখিল গগৈক উভতি ধৰিলে পীযূষ হাজৰিকাই। ‘ঘটনাৰ পাছত সমষ্টিলৈ নগ’ল অখিল গগৈ।’ অখিল গগৈয়ে নিজে গ’ল খাইছে বুলি মন্তব্য পীযূষ হাজৰিকাৰ।

উল্লেখ্য যে অখিল গগৈয়ে সদনত প্ৰৱেশ কৰাৰ পূৰ্বে বিধানসভা চৌহদত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ হাতত লেম্প আৰু স্মাৰ্ট মিটাৰ প্ৰদৰ্শন কৰি চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷ সংবাদ মাধ্যমৰ সন্মুখত স্মাৰ্ট মিটাৰ ৰাইজক সৰ্বস্বান্ত কৰি অহা সন্দৰ্ভত বিস্তৃত বিৱৰণ দাঙি ধৰে ৷

আনহাতে সদন আৰম্ভ হওতেই স্মাৰ্ট মিটাৰ প্ৰসংগক লৈ সদন উত্তাল কৰি তোলে কংগ্ৰেছ সহ বিৰোধী বিধায়ক সকলে । এনে হুলস্থূলীয়া পৰিবেশৰ মাজতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই স্মাৰ্ট মিটাৰ প্ৰসংগক লৈ কয়,বিৰোধীয়ে স্মাৰ্ট মিটাৰত অধিক বিল আহে বুলি যি অভিযোগ আনিছে ৷ তাৰ সত্যতা নিৰূপণৰ বাবে মন্ত্ৰী – বিধায়ক সকলৰ ঘৰত অচিৰেই লগোৱা হ’ব স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰ ৷দুয়োটা মিটাৰৰ বিদ্যুত বিল তুলনা কৰা হ’ব ৷ যদি স্মাৰ্ট মিটাৰৰত বেছি বিল আহে তেন্তে চৰকাৰে বিষয়টো বিবেচনা কৰিব ।

আনহাতে খিলঞ্জীয়াৰ মাটি ক্ৰয় – বিক্ৰয় সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সদনত দিয়া বিবৃতিৰ তীব্ৰ বিৰোধিতা কৰি এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামেও সদন স্থগিতৰ প্ৰস্তাৱ আনিছিল যদিও অধ্যক্ষই ইছলামৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰে ৷
ইয়াৰ পাছতে বিৰোধীৰ সকলো বিধায়কে সদন ত্যাগ কৰি বিধানসভাৰ চৌহদত স্মাৰ্ট মিটাৰ সহ কেতবোৰ বিষয়ক লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ তাৎপৰ্যপূৰ্ণ ভাৱে এই প্ৰতিবাদত অংশ লয় এপিচিচিৰ সভাপতি ভূপেন বৰা আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে ৷

উল্লেখ্য যে,আজিৰ পৰা আৰম্ভ হোৱা শৰৎকালীন অধিবেশন পাঁচ দিনলৈকে চলিব ৷

Exit mobile version