Soybean oil seized in Tittabor:তিতাবৰত আৰক্ষীৰ বৃহৎ পৰিমাণৰ চুৰি মিঠাতেল জব্দ

নতুন গোহাঁই গাওঁৰ যদুমনি দাস নামৰ এজন যুৱকৰ গুদামৰ পৰা জব্দ মিঠাতেল সমূহ

youth

Soybean oil seized in Tittaborn:

তিতাবৰত আৰক্ষীৰ বৃহৎ পৰিমাণৰ চুৰি মিঠাতেল জব্দ। নতুন গোহাঁই গাওঁৰ যদুমনি দাস নামৰ এজন যুৱকৰ গুদামৰ পৰা জব্দ কৰে মিঠাতেল সমূহ । ১৪ আগষ্টত AS -01-NC-1843 নম্বৰৰ মিঠাতেল ভৰ্তি এখন ট্ৰাকখন চালক আৰু হেণ্ডিমেনসহ নিৰুদ্দেশ হৈ আছিল।

ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন জন পৰিয়ালৰ লোকে তেজপুৰলৈ যোৱা অৱস্থাত সন্ধানহীন হোৱা বুলি যোৰহাট আৰু তিতাবৰ আৰক্ষী থানাত পৃথকে পৃথকে এজাহাৰ দিছিল। ট্ৰাক খনৰ চালক হল তিতাবৰ নতুনমাটি কেছাইখাটিৰ হেমন্ত শইকীয়া(১৯) আৰু হেণ্ডিমেন ৰোহিত ঘাটোৱাৰ(১৭)।

সমগ্ৰ ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছিল যোৰহাট আৰক্ষীয়ে। গোপন সূত্ৰৰ পমখেদি যোৰহাট আৰক্ষীয়ে কালি সন্ধিয়াৰ ভাগত পানীখেতি আৰক্ষীৰ সহযোগত হেণ্ডিমেন ৰোহিত ঘাটোৱাৰক তিতাবৰৰ নগাবাটৰ পানিখেতিত উদ্ধাৰ কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ৰোহিত ঘাটোৱাৰে প্ৰথমতে আৰক্ষীক দিয়া স্বীকাৰোক্তি মতে কোনো দূৰ্বৃত্তই ৰোহিত ঘাটোৱাৰক মাৰধৰ কৰি ট্ৰাকখন চালক সহ লৈ যায় বুলি কয়। কিন্তু হেণ্ডিমেন ৰোহিত ঘাটোৱাৰৰ কথাত আৰক্ষীৰ সন্দেহ ওপজাত যোৰহাট সদৰ থানাৰ উপ আৰক্ষী পৰিদৰ্শক মানসিং টেৰাঙে এক তদন্ত চলাই নিশা কাৰ্বি আংলংৰ চিলনিজানৰ পৰা ট্ৰাকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ট্ৰাকখন উদ্ধাৰৰ পাছতে হেণ্ডিমেন ৰোহিত ঘাটোৱাৰ স্বীকাৰোক্তীৰ ভিতিত তিতাবৰ নতুন গোহাঁই গাওঁৰ যদুমনি দাস নামৰ এজন যুৱকৰ এটা গুদামৰ পৰা মিঠাতেল সমূহো উদ্ধাৰ কৰে। ট্ৰাকখনৰ চালক হেমন্ত শইকীয়া আৰু গুদামৰ মালিক যদুমনি দাস বৰ্তমানে পলাতক।

উল্লেখ যে তিতাবৰ নতুন গোহাঁইৰ যুৱক যদুমনি দাসে দীৰ্ঘ দিনৰ পৰা তিতাবৰত বিভিন্ন অবৈধ বেহা চলাই থকাৰ অভিযোগ স্থানীয় ৰাইজ।

Exit mobile version