Bir Lachit Sena workers Arrested:দুৰ্গা পূজাৰ পূৰ্বে বহিৰাগত অধ্যুষিত অঞ্চলত আলফা স্বাধীনক কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিবলৈ আহ্বান কৰি আৰক্ষীৰ জালত বীৰ লাচিত সেনাৰ কৰ্মী

ফেচবুকত পোষ্ট লিখিছিল মনদ্বীপ গোহাঁই নামৰ বীৰ লাচিত সেনাৰ কৰ্মীজনে

bir

Bir Lachit Sena workers Arrested:

এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱতী পাঞ্জা খেলৱৈক অনা অসমীয়া তিনিজনলোকে শাৰীৰিকভাৱে প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি শিৱসাগৰ বিভিন্ন দল – সংগঠনে উত্তাল প্ৰতিবাদৰ অন্তত মাৰোৱাৰী সমাজে উল্লিখিত ঘটনাৰ দুখ প্ৰকাশ কৰি ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা কৰাৰ পিছত পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হৈ পৰে ৷

এনে ঘটনাক্ৰমৰ মাজতে বীৰ লাচিত সেনাৰ এজন কৰ্মীয়ে দুৰ্গা পূজাৰ পূৰ্বে বহিৰাগত অধ্যুষিত অঞ্চলত আলফা স্বাধীনক কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিবলৈ ছ’চিয়েল মিডিয়াত পোষ্ট দি ইতিমধ্যে আৰক্ষীৰ ৰোষত পৰে ৷

উল্লেখ্য যে স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ ভিন্ন স্থানত বিস্ফোৰক সামগ্ৰী সংস্থাপন কৰি ৰাজ্যজুৰি আতংকময় পৰিবেশৰ সৃষ্টি কৰিছিল আলফা স্বাঃ)ই। সেই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই শিৱসাগৰৰ দল- সংগঠনৰ আন্দোলনৰ গইনা লৈ জাতীয় সংগঠনৰ বিষয়ববীয়াই কূটাঘাতমূলক কাম কৰাৰ বাবে আলফা (স্বাঃ)ক আহ্বান জনাই ফেচবুকত পোষ্ট লিখাৰ বাবেই শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বীৰ লাচিত সেনাৰ কৰ্মী মনদ্বীপ গোহাঁই ৷

উল্লেখ্য যে শিৱসাগৰ চেৰেকাপাৰৰ মনদ্বীপ গোহাঁই-এ পোষ্টটোত লিখিছিল ‘দূৰ্গা পূজাৰ প্ৰাক মূহর্তত আমি আলফা(স্বা) ৰ পৰা ঠাই ঠাই কূটাঘাত বিচাৰো । বিশেষকৈ বহিৰাগত অধ্যঘোষিত অঞ্চলসমূহত, উদাহৰণস্বৰূপে তিনিচুকীয়া । (পূজাৰ আগত আলফাই ব’ম দিয়াটো বিচাৰে নে ৰাইজ, মতামত জনাব)?’’৷ যুৱকজনৰ এই উচতনিমূলক পোষ্টক লৈ ইতিমধ্যে শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ কৰিছে ৷

Exit mobile version