Fraudulent Female Employee Arrested:মুখ্যমন্ত্ৰীৰ অএছডি হেমন্ত চৌধুৰী নাম লৈ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ জলসিঞ্চন কৰ্মচাৰীৰ

প্ৰৱঞ্চনাৰ জাল জলসিঞ্চনৰ মহিলা কৰ্মচাৰী,পুত্ৰ- বোৱাৰীৰ, আৰক্ষীৰ জালত প্ৰৱঞ্চনাৰ জাল মেলা জলসিঞ্চনৰ মহিলা কৰ্মচাৰী

ghy 1

Fraudulent Female Employee Arrested:

বিভিন্নজনক প্ৰৱঞ্চনা কৰি অহা এগৰাকী চৰকাৰী মহিলা কৰ্মচাৰী আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ জালত পৰে ৷ ধৃত মহিলা গৰাকীৰ নাম পুতলী ডেকা। জলসিঞ্চন বিভাগত কৰ্মৰত কৰ্মচাৰী গৰাকীয়ে চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উদ্থাপিত হৈছে ৷ আনকি ধুৰন্ধৰ মহিলা গৰাকীয়ে মুখ্যমন্ত্ৰীৰ অএছডি হেমন্ত চৌধুৰী নাম লৈ ধন সংগ্ৰহ কৰিছিল।

বৰপেটা জিলাৰ চেঙাৰ বাসিন্দা প্ৰৱঞ্চক মহিলা গৰাকীয়ে স্বাস্থ্য সহ বিভিন্ন বিভাগত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা লোকসকলৰ আগত নিজ পুত্ৰ কৌস্তভ বৰুৱা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত চিকিৎসক বুলি পৰিচয় দি আহিছিল।

কিন্ত প্ৰাপ্ত খবৰ অনুসৰি পুতলী ডেকাৰ পুত্ৰ কৌস্তভ বৰুৱা আচলতে চিকিৎসক নহয় ৷ তেওঁ এজন ভুৱা চিকিৎসক ৷ আন এক উদ্থাপিত অভিযোগ অনুসৰি পুতলি ডেকাৰ বোৱাৰী জুপিতৰা বৰুৱাই অতি কৌশলৰে মুখ্যমন্ত্ৰীৰ অএছডি হেমন্ত চৌধুৰী ভুৱা নাম লৈ স্বামী কৌস্তভ বৰুৱাৰ ম’বাইলৰ পৰা বিভিন্নজনক হেমন্ত চৌধুৰী বুলি চিনাকী দি ফোন কৰিছিল ৷

তদুপৰি ধুৰন্ধৰ পুতলী ডেকা আৰু পুত্ৰ-বোৱাৰীয়ে মুখ্যমন্ত্ৰীৰ অএছডি হেমন্ত চৌধুৰীক চিবিআইৰে আটক কৰিছে প্ৰৱঞ্চনাৰ জাল পেলাই তেওঁক মুকলি কৰিবলৈ চিবিআইক বহু টকা দি মোকলাই অনাৰ বাবে সংগ্ৰহ কৰিছিল বহু কোটি টকা ৷
উল্লেখ্য যে ধুৰন্ধৰ পুতলী ডেকাই ধন সংগ্ৰহ কৰা লোক সকলৰ ৰোষত নপৰিবৰ বাবে প্ৰায়ে সলনি কৰিছিল ভাড়াঘৰ।

উল্লেখযোগ্য চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰি চাকৰি দিব নোৱাৰি পলাই ফুৰিছিল ৷ উদ্থাপিত অভিযোগ অনুসৰি প্ৰাপ্ত ধন বিচাৰি গ’লে ভুক্তভোগী লোকসকলক পুতুলী ডেকাৰ পুত্ৰ কৌস্তভৰ হাতত থকা মাৰণাস্ত্ৰৰে ভয় ভাবুকি প্ৰদান কৰি আহিছিল।

অৱশেষত ভুক্তভোগী লোকে আৰক্ষীৰ কাষ চপাত ইতিমধ্যে আৰক্ষীয়ে পুতুলী ডেকাক গ্ৰেপ্তাৰ কৰি বৰ্তমান পলাতক অৱস্থাত থকা পুত্ৰ কৌস্তভ বৰুৱা আৰু জুপিতৰা বৰুৱাৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

মনকৰিবলগীয়া যে,পুতুলী ডেকাই জলসিঞ্চন বিভাগৰ চানমাৰিস্থ নিজ কৰ্মস্থলীতে বিভিন্নজনৰ ধন লোৱাৰ দৃশ্য কেমেৰাত বন্দী হৈছিল ৷ অৱশ্যে অৱশেষত নৱগ্ৰহ অঞ্চলৰ পৰা প্ৰবঞ্চক পুতুলী ডেকাক গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

Exit mobile version