Vishwa Hindu Parishad celebrates its foundation day in Guwahati:আজিৰপৰা সাদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ ১২ স্থানত বিশ্ব হিন্দু পৰিষদৰ ৬০সংখ্যক প্ৰতিষ্ঠা দিৱস

bhp

Vishwa Hindu Parishad celebrates its foundation day in Guwahati:

বিশ্ব হিন্দু পৰিষদৰ ৬০সংখ্যক প্ৰতিষ্ঠা দিৱস কাইলৈৰপৰা গুৱাহাটী মহানগৰীৰ বাৰটা স্থানত সাতদিন ধৰি উদযাপন কৰা হ’ব। শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ সৈতে সংগতি ৰাখি পৰিষদৰ গুৱাহাটী মহানগৰৰ সহযোগত খানাপাৰা প্ৰখণ্ডই পাঞ্জাবাৰীৰ বিপণন ক্ষেত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে সংগঠনটোৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছে বুলি বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ সম্পাদক ৰঞ্জন কুমাৰ চক্ৰৱৰ্তীয়ে জনাইছে।

এই উপলক্ষে পুৱা ১০ বজাত ধৰ্মধ্বজা উত্তোলনৰ পিছতে গোমাতা পূজন আৰু বন্তি প্ৰজ্বলন কৰা হ’ব। দিনৰ ১১ বজাত আয়তীসকলৰ দিহানামৰ অন্তত অনুষ্ঠিত হ’ব ধৰ্মালোচনী সভা। সভাত পৰিষদৰ স্মৰণিকা ‘জন্মাষ্টমী’ উন্মোচন কৰা হ’ব। অনুষ্ঠানত পৰিষদৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতৃত্বত উপস্থিত থাকিব বুলি প্ৰখণ্ডৰ সভাপতি প্ৰভাত চন্দ্ৰ ঠাকুৰীয়াই জনাইছে ।

তদুপৰি জালুকবাৰী, বিষ্ণুপুৰ, মালিগাঁও আৰু ফাঁচী বজাৰত ২৬ আগষ্টত, উলুবাৰী আৰু নাৰেংগীত ২৭ আগষ্টত, নুনমাটিত ২৮ আগষ্টত, উজান বজাৰত ২৯ আগষ্টত, উত্তৰ গুৱাহাটীত ৩০ আগষ্টত, হেঙেৰাবাৰী আৰু লালগণেশত ১ ছেপ্টেম্বৰত পৰিষদৰ ৬০সংখ্যক প্ৰতিষ্ঠা দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হ’ব।

Exit mobile version