Janakpur-Jyoti Damage Road:মহানগৰীৰ জনকপুৰৰ সাংবাদিক পথ আৰু জ্যোতি পথৰ বিধ্বস্ত পথক লৈ সৰব অঞ্চলবাসী

JANAKPUR

Janakpur-Jyoti Damage Road:

মহানগৰীত বিশুদ্ধ খোৱা পানী সংযোগৰ নামত শেহতীয়াকৈ গুৱাহাটী জলবৰ্ডে অলিয়ে-গলিয়ে পানীৰ পাইপ বঢ়োৱাৰ নামত পথৰ মাজত বা কাষত নামত পথ সমূহত থকা ব্লক সমূহ আঁতৰাই পানীৰ পাইপ বহুওৱাছে ঠিকেই ৷ কিন্ত পানীৰ পাইপ বঢ়াই থৈ যোৱাৰ পাছত ব্লক সমূহ দি সংশ্লিষ্ট পথ সমূহ মেৰামতি নকৰাৰ ফলত বিধ্বস্ত প্ৰায় হৈ পৰিছে ৷

শেহতীয়াকৈ চলিত বৰ্ষৰ জুনত পানী যোগানৰ বাবে গুৱাহাটী জলবোৰ্ডে গুৱাহাটী কাহিলীপাৰাৰ জনকপুৰৰ সাংবাদিক পথ আৰু জ্যোতি পথছোৱা খান্দি পানীৰ পাইপ বহুৱাই পুণৰ মেৰামতি নকৰাৰ ফলত উল্লেখিত পথ দুটাৰ অৱস্থা অতি শোচনীয় হৈ পৰে।

এই পথ দুটিৰে কাহিলীপাৰাৰ লাল গনেশ, পাৱাৰ হাউছৰ ফালৰ পৰা বহু যানবাহন জনকপুৰৰ মাজেৰে লখিমী নগৰ হৈ হাতীগাঁও, দিছপুৰ আদি বিভিন্ন স্থানলৈ যাতায়ত কৰে। জনকপুৰৰ পথটো কাহিলীপাৰা মূল পথৰ সমান্তৰাল হোৱা হেতুকে যানবাহনৰ অত্যাধিক বোজা বহন কৰিবলগীয়া হয়। সম্প্ৰতি পথ দুটিৰ দুৰাৱস্থাত জীয়াতু ভুগিবলগীয়া হৈছে পথচাৰি, ছাত্র-ছাত্ৰী তথা স্থানীয় ৰাইজে।

পথছোৱা ইমানেই শোচনীয় হৈছে যে এজাক বৰষুণ দিলেই পথছোৱাৰ ঠায়ে ঠায়ে পানী আবদ্ধ হৈ পৰাত যাতায়াতৰ অসুবিধাৰ উপৰিও যানজঁটৰ সৃষ্টি হয়। এই সন্দৰ্ভত দক্ষিণ জনকপুৰ নাগৰিক সমিতিয়ে গুৱাহাটী জলবোৰ্ডৰ পৰিচালন সঞ্চালকক অৱগত কৰাত পৰিচালন সঞ্চালকে কয়- পানীৰ পাইপ বহুওৱাৰ পিছত পথ মেৰামতি দায়িত্ব লোক নিৰ্মাণ বিভাগৰ। পিছত নাগৰিক সমিতিয়ে লোক নিৰ্মাণ বিভাগে যোগাযোগ কৰাত বিভাগে কোনো গুৰুত্ব প্ৰদান নকাৰাৰ অভিযোগ কৰিছে দক্ষিণ জনকপুৰ নাগৰিক সমিতিয়ে।

উল্লেখ্য যে জনকপুৰ অঞ্চলত প্ৰতিবৰ্ষত দুই স্থানত উদযাপন হয় দুৰ্গা পূজা । মুখ্যমন্ত্রীয়ে আগন্তুক দুৰ্গা পূজা মণ্ডপ সংযোগী পথ সমুহ পূজাৰ পূৰ্বেই মেৰামতি কৰিব বুলি কিছুদিন পূৰ্বে ঘোষণা কৰিছিল যদিও সংশ্লিষ্ট বিভাগে এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।

উল্লেখিত পথতেই জনকপুৰ অঞ্চলৰ দুই দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়। একেদৰে জনকপুৰ অঞ্চলৰ বিৰিণা পথৰো উন্নয়নৰ কাম লোক নিৰ্মাণ বিভাগে আধৰুৱা কৰি পেলাই থোৱাৰ ফলত বাসিন্দা সকল জীয়াতু ভুগিবলগীয়া হৈছে। এই ক্ষেত্ৰত, লোক নিৰ্মাণ বিভাগ আৰু ৰাজ্য চৰকাৰক জনকপুৰবাসীৰ হৈ দক্ষিণ জনকপুৰ নাগৰিক সমিতিয়ে জ্যোতি পথ, জনকপুৰ-সাংবাদিক পথ আৰু বিৰিণা পথৰ মেৰামতিৰ কাম খিনি আগন্তুক দুৰ্গা পূজাৰ পূৰ্বেই সম্পুর্ন কৰাৰ দাবী কৰে |

Exit mobile version