Wb Cm On Anti Rape Bill: পশ্চিমবংগত প্ৰণয়ন কৰা হ’ব ধৰ্ষণ প্ৰতিৰোধী আইন

৭ দিনৰ ভিতৰত ধৰ্ষণকাৰীক চৰম শাস্তিৰ বিধান সন্নিৱিষ্ট থাকিব, ৰাজ্য বিধানসভাৰ বিশেষ অধিৱেশনৰ আহ্বান মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ

mamata

Wb Cm On Anti Rape Bill:

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহিবিদ্যালয় হাস্পতালত কনিষ্ঠ চিকিৎসক ধৰ্ষণ হত্যাক লৈ পশ্চিমবংগ উত্তাল প্ৰতিবাদ অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ঘোষণা পশ্চিমবংগত প্ৰণয়ন কৰা হ’ব ধৰ্ষণ প্ৰতিৰোধী আইন৷ এই আইনৰ অধীনত অভিযুক্তৰ শাস্তি সাত দিনৰ ভিতৰত দিয়াৰ ব্যৱস্থা সন্নিৱিষ্ট থাকিব প্ৰস্তাৱিত বিধেয়ক খনত।

আনহাতে ধৰ্ষণ প্ৰতিৰোধী নতুন বিধেয়ক উত্থাপন তথা আইনত পৰিণত কৰিবৰ বাবে অহা সপ্তাহত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে জৰুৰীভাৱে বিধানসভাৰ বিশেষ অধিৱেশনৰো আহ্বান জনাইছে। এইক্ষেত্ৰত বিৰোধী দল সমূহৰো পূৰ্ণ সমৰ্থন আশা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে কলকাতাত ঘোষণা কৰি কয় যে, এই বিধেয়ক খন পশ্চিমবংগ বিধানসভাত গৃহিত তৎকালেই আইনত পৰিণত কৰিবৰ বাবে ৰাজ্যপালৰ স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰিব। তাৰ পিছতে ৰাজ্যত বলবৎ হ’ব এই নতুন আইন ৷ এই আইনৰ অধীনত ৭ দিনৰ ভিতৰত ধৰ্ষণকাৰীক চৰম শাস্তিৰ বিধান কাৰ্যকৰী হ’ব ৷

আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে,উল্লিখিত বিল খন আইনত পৰিণত কৰিবৰ বাবে ৰাজ্যপালৰ স্বাক্ষৰৰ প্ৰয়োজন ৷ এনেক্ষেত্ৰত যদিহে ৰাজ্যপালে স্বাক্ষৰ কৰাৰ পৰা বিৰত থাকে তেন্তে ৰাজ্যপালৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব টিমএমচিয়ে ৷ আইন খন কাৰ্যকৰী কৰাৰ পৰা কোনোক্ষেত্ৰতে তেওঁ চৰকাৰ পিছ হুহুঁকি নাহে ৷

একেদৰে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে এই কথাও উল্লেখ কৰে যে,তেওঁৰ চৰকাৰে নতুন বিধেয়ক অনাৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো পত্ৰৰ জৰিয়তে অৱগত কৰি উল্লেখ কৰিব যে,কেন্দ্ৰই ইতিপূৰ্বে আইনত পৰিণত কৰা ন্যায় সংহিতাত ধৰ্ষণকাৰীৰ শাস্তি কাৰাবাস বুলি নিৰ্ধাৰণ কৰা আছে ৷ এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কৰণীয় একো নাই। অৱশ্যে আমাৰ হাতত ক্ষমতা দিয়া হয় তেন্তে আমি সাত দিনৰ ভিতৰত ধৰ্ষণকাৰীৰ শাস্তি দিয়াৰ দিহা কৰিম ৷

উল্লেখ্যে যে দেশ কপাই যোৱা বহুচৰ্চিত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহিবিদ্যালয় হাস্পতালত কনিষ্ঠ চিকিৎসক ধৰ্ষণ হত্যাক লৈ ৰাজ্যত অব্যাহত আছে উত্তাল প্ৰতিবাদ ৷ ইতিপূৰ্বে সৰ্বোচ্চ ন্যায়ালয়ে কনিষ্ঠ চিকিৎসক ধৰ্ষণ- হত্যা বিষয়টোক পশ্চিমবংগ চৰকাৰ আৰু আৰক্ষীক কোনো গুৰুত্ব নিদিয়াৰ বাবে মমতা চৰকাৰক তীব্ৰ ভৎসনা কৰি এই ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইক দিবলৈ নিৰ্দেশ দিয়ে। ইতিমধ্যেই চিবিআইয়ে মুল অভিযুক্ত নিজৰ জিন্মাত লৈ আৰ জি কৰ চিকিৎসা মহিবিদ্যালয়ৰ সদ্য প্ৰাক্তন অধ্যক্ষ সহ আন কে’বাজনকো মাৰাথন জেৰা চলাই আছে ৷ চিবিআইৰ ক্ষীপ্ৰ তদন্তত ঘনে ঘনে পোহৰলৈ আন কেতবোৰ ন ন তথ্য ৷

আনহাতে চিবিআইক শীৰ্ঘেই তদন্ত প্ৰতিবেদন আদালতত দাখিল কৰিবলৈ নিৰ্দেশ দিছে কলকাতা উচ্চ ন্যায়ালয়ে। এনে ঘটনা পৰিঘটনাৰ মাজতে ভুক্তভোগী চিকিৎসক গৰাকী পিতৃয়ে অভিযোগ কৰে যে তেওঁৰ জীয়ৰীৰ গোচৰটোৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল সংশ্লিষ্ট থানাই ৷

ইফালে এই ঘটনাক লৈ আৰম্ভণিৰে পৰা সৰৱ হৈ থকা ৰাজ্যিক বিজেপি ৰাজ্যব্যাপি আন্দোলন অব্যাহত ৰাখি মঙলবাৰে নৱান্নত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই প্ৰতিবাদ সাব্যস্ত কৰা সহস্ৰাধিক বিজেপি কৰ্মীৰ ওপৰত আৰক্ষীয়ে লাঠি চালনা আৰু কন্দুৱা গেছ নিক্ষেপ কৰে ৷ ফলত আহত হয় কেবা’ শতাধিক বিজেপি কৰ্মী।

আনহাতে মঙলবাৰে নিশা প্ৰতিবাদকাৰীয়ে ঠায়ে ঠায়ে আন্দোলনকাৰীক উৰ্ধত কৰাৰ বাবে ড:ভূপেন হাজৰিকা কালজয়ী গীত ‘বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে’ হাহাকাৰ শুনিও শীৰ্ষক বাংলা অনুদিত গীত পৰিবেশন কৰে।

মঙলবাৰৰ ঘটনাৰ প্ৰতিবাদত বুধবাৰে টিএম চি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যিক বিজেপিয়ে আহ্বান জনোৱা বাৰ ঘন্টীয়া বন্ধ সৰ্বাত্মক আছিল। ৰাজধানী কলকাতা সহ ৰাজ্য খনৰ দোকান- পোহাৰ বন্ধ হোৱাৰ লগতে ৰাজপথত যানবাহনৰ চলাচল সেৰেঙা আছিল। বেচৰকাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয় সমূহ সম্পূৰ্ণ বন্ধ থকাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশৰ বাবে চৰকাৰী কাৰ্যালয়ত বিষয়া- কৰ্মচাৰীক উপস্থিত আছিল যদিও উপস্থিতিৰ সংখ্যা তুলনামূলকভাৱে কম থাকে।

Exit mobile version