Sarupathar Congress Protest:স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত সৰুপথাৰৰ APDCLত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ

sarupathae image

Sarupathar Congress Protest:

সৰুপথাৰ বিদ্যুত উপ সংমণ্ডলৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। কংগ্ৰেছ কৰ্মী আৰু আৰক্ষীৰ মাজত ব্যাপক হতাহতি হোৱা পৰিলক্ষিত হয়। স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰাজ বন্ধ কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল সৰুপথাৰ ব্লক কংগ্ৰেছৰ কৰ্মী সকলে।

প্ৰতিবাদথলীত সৰুপথাৰ বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ৰ গেটত আৰক্ষীয়ে বাধা প্ৰদান কৰে যদিও ব্লক কংগ্ৰেছৰ সদস্য সকলে ঠেলা হেচা কৰি কাৰ্যালয়ৰ চৌহদত প্ৰবেশ কৰে। তেওঁলোকৰ দাবী অতি শীঘ্ৰে স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰাজ বন্ধ কৰি সৰ্বসাধাৰণ ৰাইজক সকাহ প্ৰদান কৰক। আমি ৰাইজৰ হৈ ওলাই আহিছোঁ। আমাৰ প্ৰতিবাদী কণ্ঠ কোনেও ৰোধ কৰিব নোৱাৰে।

Exit mobile version