52nd Assam State Weightlifting Championships in Dibrugarh:ডিব্ৰুগড়ত ৫২সংখ্যক অসম ৰাজ্যিক ভাৰোত্তোলন প্রতিযোগিতাত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

উঠি অহা চামৰ মাজত ভাৰোত্তোলনক জনপ্রিয় কৰি তোলাৰ লগতে প্ৰতিভাবান নতুন নতুন খেলুৱৈ জন্ম দিয়াৰ মানসেৰে তৃণমূল পৰ্যায়ৰ পৰাই ভাৰোত্তোলন প্রতিযোগিতা অনুষ্ঠিত কৰাটো অত্যন্ত প্রয়োজনীয়': সর্বানন্দ সোণোৱাল

ss main scaled

52nd Assam State Weightlifting Championships in Dibrugarh:

কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সর্বানন্দ সোণোৱালে ডিব্ৰুগড়ত অনুষ্ঠিত ৫২সংখ্যক অসম ৰাজ্যিক ভাৰোত্তোলন প্রতিযোগিতাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু প্ৰতিযোগীসকলক উৎসাহিত কৰে। ডিব্ৰুগড় জিলা ভাৰোত্তোলন সন্থাৰ সৌজন্যত, ডিব্ৰুগড় জিলা শৰীৰ চৰ্চা সন্থা আৰু অসমী সংঘৰ সহযোগত অসম ভাৰোত্তোলন সন্থাৰ তত্বাৱধানত ডিব্ৰুগড়ৰ মিলন নগৰস্থিত বহুমুখী ইন্দোৰ ক্ৰীড়া প্রেক্ষাগৃহত চাৰিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত এই প্রতিযোগিতাৰ পৰাই ৰাষ্ট্ৰীয় খেলৰ বাবে ৰাজ্যিক দলটি নির্বাচন কৰা হ’ব।

অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱালে কয়, “ভাৰোত্তোলন ক্রীড়াক্ষেত্ৰৰ এক অবিচ্ছেদ্য অংগ। ভাৰোত্তোলনৰ যোগেদি আমাৰ খেলুৱৈসকলৰ প্ৰতিভা দেশে-বিদেশে জনাজাত হৈছে। উঠি অহা চামৰ মাজত এই খেলবিধক জনপ্ৰিয় কৰি তোলাৰ লগতে প্রতিভাবান নতুন নতুন খেলুৱৈ জন্ম দিয়াৰ মানসেৰে তৃণমূল পৰ্যায়ৰ পৰাই ভাৰোত্তোলন প্রতিযোগিতা অনুষ্ঠিত কৰাটো অত্যন্ত প্রয়োজনীয়। ডিব্রুগড় জিলা ভাৰোত্তোলন সন্থাৰ উদ্যোগত ২৯, ৩০, ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ বহুমুখী ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত ৫২সংখ্যক অসম ৰাজ্যিক ভাৰোত্তোলন প্রতিযোগিতাই সর্বাংগীণ সফলতা কামনা কৰি উদ্যোক্তাসকলৰ প্ৰচেষ্টাৰ শলাগ লৈছোঁ আৰু প্ৰতিযোগীসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

” প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদর্শনমর্মে আমি ক্রীড়ামন্ত্রী হৈ থকাৰ কালছোৱাত টার্গেট অলিম্পিক প’ডিয়াম স্কীম গ্রহণ কৰা হৈছিল, যিয়ে অলিম্পিকৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাক লক্ষ্য কৰি বিভিন্ন খেলৰ লগতে ভাৰোত্তোলনতো আমাৰ দেশৰ খেলুৱৈসকলক তৃণমূল পৰ্যায়ৰ পৰাই প্ৰশিক্ষণ দি বিশ্বমানৰ কৰি তোলাত গুৰুত্ব দিছিল। টকিঅ’ অলিম্পিক ২০২০ত মণিপুৰৰ মীৰাবাই চানুৱে দেশৰ হৈ প্ৰথমটো পদক ৰূপ অৰ্জন কৰিছিল এই ভাৰোত্তোলনতে, আনকি এইবাৰো তেখেতে দুর্দান্ত প্রদর্শন আগবঢ়াই একেবাৰে অন্তিম পৰ্যায়ত চতুৰ্থ স্থান দখল কৰি অলপৰ বাবেহে ব্ৰঞ্জৰ পদক জয়ৰ পৰা থমকি ৰয়। ভাৰোত্তোলনৰ বিশ্ব পৰ্যায়ত সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰাও খেলুৱৈৰ যথেষ্ট সম্ভাৱনা আছে। সেয়ে এই খেলত বিশেষকৈ গুৰুত্ব দিবলৈ ক্রীড়া উদ্যোক্তা তথা খেলুৱৈসকলক আহ্বান জনালোঁ। এই দিশত চৰকাৰে যাৱতীয় সকলো সহায়-সহযোগিতা আগবঢ়াই যাব।

অনুষ্ঠানত লগতে উপস্থিত থাকে অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, উদযাপন সমিতিৰ সভাপতি দীপুৰঞ্জন মাক্ৰাৰী, ডিব্ৰুগড় পৌৰনিগমৰ উপ-মেয়ৰ উজ্জ্বল ফুকন, ডিব্রুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, অসম গৃহ নির্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত প্রমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল।

Exit mobile version