Devastating fire in Bongaigaon:বঙাইগাঁৱত মৰ্মান্তিক ঘটনা

বিধ্বংসী অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু বৃদ্ধ স্বামী-স্ত্ৰীৰ, নিশা নৰ্থ বইটামাৰীৰ বাশবাৰী বজাৰত সংঘটিত হয় অগ্নিকাণ্ড

fire

Devastating fire in Bongaigaon:

বঙাইগাঁৱৰ উত্তৰ বইটামাৰীত মৰ্মান্তিক ঘটনা ৷ বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুত সাবটিলে এহাল বৃদ্ধ দম্পতীয়ে ৷ মৃত্যু দম্পতীৰ নাম দুলাল ভট্টাচাৰ্য আৰু তেওঁৰ পত্নী কৌশল্যা ভট্টাচাৰ্যৰ।

উল্লেখ্য যে শুকুৰবাৰে বইটামাৰীৰ বাশবাৰী বজাৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ৷ ভয়ংকৰ অগ্নিকাণ্ডত জাহ যায় তিনিখনকৈ দোকান। ইয়াৰ এখন চাহ দোকানতে বৃদ্ধ দম্পতীহাল নৈশযাপন কৰিছিল ৷

আনহাতে অগ্নিকাণ্ডৰ পিছতে ততাতৈয়াকৈ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপনৰ অহৰহ চেষ্টা চলায় ৷ ইপিনে জুয়ে আগুৰি ধৰা চাহৰ দোকানৰ ভিতৰৰ পৰা প্ৰাণৰ মমতাত মৰণ কাতৰ চিৎকাৰ কৰা দুৰ্ভগীয়া বৃদ্ধ দম্পতীহালক উদ্ধাৰ কৰিব নোৱাৰিলে অগ্নিনিৰ্বাপক বাহিনীয়ে ৷ দোকানৰ ভিতৰত অগ্নিদগ্ধ হৈ কৰুণভাৱে মৃত্যুক সাবটি লয় দুৰ্ভগীয়া বৃদ্ধ দম্পতীহালে ৷

Exit mobile version