Guwahati Servy Incident:মহানগৰীৰ ছাৰ্ভেৰ অজন্তা পথত অঘটন !

ড্ৰাগছ আসক্ত কিশোৰে জাঁপ দিলে নলালৈ, এছডিআৰএফৰ অভিযানৰ মাজতে কিশোৰটিয়ে মাকলৈ ফোন কৰি জনালে নলাৰ পৰা উঠি অহাৰ কথা

servy

Guwahati Servy Incident:

শণিবাৰে নিচাসক্ত এটি পোন্ধৰ বছৰীয়া কিশোৰে নাকনি কাননি খোৱালে গুৱাহাটী আৰক্ষী আৰু এছডি আৰ এফক
উল্লেখ্য যে মহানগৰীৰ ছাৰ্ভেৰ অজন্তা পথৰ এটা নলাত এজন নিচাসক্ত পোন্ধৰ বছৰীয়া কিশোৰে নলাত জাঁপ দিয়ে ৷ আনকি এই দৃশ্য বন্দী হয় চিচিটিভি কেমেৰাত ৷ ইয়াৰ পিছতে হুৱাদুৱা লাগে ৷ ঘটনাস্থলীত ততাতৈয়াকৈ হাতীগাঁও আৰক্ষী আৰু এছডিআৰএফে কিশোৰটিৰ সন্ধানত অভিযান চলাই থাকোতেই কিশোৰটিৰ হাতত থকা মাকলৈ ফোন কৰি জনালে যে তেওঁ ইতিমধ্যে নলাৰ পৰা উঠিল আৰু তেওঁ সুস্থ ৷ বৰ্তমান হাতীগাঁও চিজুবাৰীত আছে ৷ আনহাতে মাকে পিছত কিশোৰটিক লৈ থানালৈ লৈ আনে ৷

উল্লেখযোগ্য প্ৰায়ে নিচাসক্ত অৱস্থাত থকা পোন্ধৰ বছৰীয়া ৰবিউল ইছলাম নামৰ কিশোৰটিয়ে শুকুৰবাৰে মাকক নিশা এহেজাৰ টকা বিচাৰিছিল ৷মাকে টকা দিবলৈ অমান্তি হোৱাত আজি পুৱাতে ভগ্নীৰ ম’বাইল লৈ উধাও হয় ৷ ইয়াৰ পিছতে পিতৃয়ে ই- ৰিক্সাৰে কিশোৰ পুত্ৰক অনুকৰণ কৰি আহি থকা অৱস্থাত ছাৰ্ভেৰ অজন্তা পথৰ এটা নলাত পিতৃৰ সন্মুখত জাঁপ দিছিল ৷ ইয়াৰ পিছত পুত্ৰক নলাৰ পৰা উঠি আহিবলৈ কয় যদিও উঠি নহাত দুৰ্ভগীয়া পিতৃজন পোনে পোনে ৰাওনা হয় হাতীগঁড় থানালৈ ৷

এনেকৈয়ে শণিবাৰে এক শ্বাসৰুদ্ধকৰ উদ্ধাৰ অভিযানৰ অন্ত পৰে ৷ মনকৰিবলগীয়া যে দিনক দিনে মহানগৰীত ড্ৰাগছ সৰবৰাহৰ ঘটনা বৃদ্ধি পাইছে ৷ তাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । নিচাসক্ত যুৱক- যুৱতীৰ উশৃঙ্খলতাৰ বাবে জ্বলাকলা খাইছে অভিভাৱক সকল ৷ অৱশ্যে আৰক্ষীৰ এছ আইটি টিমে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে যদিও সমুলঞ্চে উৎখাত কৰিব পৰা নাই ড্ৰাগছৰ সৰবৰাহকাৰী চক্ৰক ।

Exit mobile version