Hindu persecution continues in Bangladesh:বাংলাদেশ হিন্দু নিৰ্যাতন অব্যাহত, ৪৯ সংখ্যালঘু শিক্ষকক ইস্তফা দিবলৈ কৰালে বাধ্য

হাছিনাক অপসাৰণৰ পাছৰে পৰা প্ৰতিদিনে নিৰ্যাতনৰ সন্মুখীন সংখ্যালঘু

dhaka violence

Hindu persecution continues in Bangladesh:

বাংলাদেশত পাঁচ আগষ্টত শেখ হাছিনা চৰকাৰৰ পতনৰ পাছৰে পৰা দেশজুৰি সংখ্যালঘু হিন্দুক অত্যাচাৰ-নির্যাতন অব্যাহত আছে। হিংসা প্ৰভাৱিত দেশখনত সংখ্যালঘু সম্প্রদায়ৰ কমেও ৪৯ জন শিক্ষকে ইস্তফা দিবলৈ বাধ্য হ’ল। বাংলাদেশৰ এক সংখ্যালঘু সংগঠনে সংবাদ মাধ্যমৰ আগত এই চাঞ্চল্যকৰ তথ্য সদৰী কৰিলে। সংবাদপত্র ‘দ্য ডেইলী ষ্টাৰ’ৰ বাতৰিত উল্লেখ কৰা অনুসৰি, বাংলাদেশত এতিয়া সংখ্যালঘুসকল প্ৰাণৰ শংকাত ভুগিব লগা হৈছে। একে সময়তে দেশখনত বসবাস কৰা সংখ্যালঘুসকলৰ জীৱিকাৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে।

বর্তমানলৈকে কমেও ৪৯ জন সংখ্যালঘু শিক্ষকক চাকৰিৰ পৰা ইস্তফা দিবলৈ বাধ্য কৰোৱা হ’ল বুলি সংখ্যালঘুৰ সংগঠনটোবে দাবী কৰিছে। বাংলাদেশ হিন্দু, বৌদ্ধ, খ্রীষ্ট, ঐক্য পৰিষদৰ ছাত্র শাখা বাংলাদেশ ছাত্র ঐক্য পৰিষদে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰি জনোৱা অনুসৰি প্রধানমন্ত্রী পদৰ পৰা হাছিনাৰ অপসাৰণৰ পাছৰে পৰা বাংলাদেশত সংখ্যালঘুসকল প্রতিদিনে ভয়াবহ নির্যাতনৰ সম্মুখীন হৈছে।

বিগত কে’বাদিনত বাংলাদেশৰ বিভিন্ন স্থানত সংখ্যালঘু শিক্ষকক মাৰধৰ কৰা বুলিও সংগঠনটোৱে দাবী কৰে। এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত কমেও ৪৯ শিক্ষকে চাকৰিৰ পৰা অব্যাহতি ল’লে। অৱশ্যে ইয়াৰে ১৯ জনক প্রশাসনে পুনৰ চাকৰিত যোগদানৰ নির্দেশ দিয়ে। তথ্য অনুসৰি হাছিনা চৰকাৰৰ পতনৰ পাছত বাংলাদেশৰ ৫২ জিলাত সংখ্যালঘু সম্প্রদায়ৰ লোকক আক্রমণৰ কমেও ২০৫ টা ঘটনা সংঘটিত হ’ল।

Exit mobile version