Dhing rape accused Faridul Islam and Golap Uddin Surrendered:ধিং বল্যাৎকাৰ কাণ্ডৰ পলাতক অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপউদ্দিনৰ আত্মসমৰ্পণ

পোন্ধৰ দিনে পলাতক অৱস্থাত আছিল দুই অভিযুক্ত, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দুই নেতাৰ উদ্যোগত আত্মসমৰ্পণ দুই অভিযুক্ত

dhing rape incident

Dhing rape accused Faridul Islam and Golap Uddin Surrendered:

ৰাজ্য কপাই যোৱা ধিঙৰ কিশোৰী ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কাণ্ডৰে জড়িত দুই অভিযুক্তই অৱশেষত আত্মসমৰ্পণ কৰিলে আৰক্ষীৰ ওচৰত ৷

পোন্ধৰ দিনে দুই অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপউদ্দিন আত্মগোপন কৰি আছিল৷ শেহতীয়াকৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক আবু বক্কৰ চিদ্দীকিৰ আৰু আন এজন উদ্যোগত দুই অভিযুক্তই নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে ৷

গাড়ী চালক ফৰিদুল ইছলাম ডিমাপুৰ- নগাঁৱৰ মাজত যাত্ৰীবাহী গাড়ী চলায় ৷ সেই সূত্ৰে তেওঁ ডিমাপুৰত আত্মগোপন কৰি থকাৰ বিপৰীতে আন এজন অভিযুক্ত গোলাপউদ্দিন আত্মগোপন কৰি আছিল হোজাই জিলাৰ মোৰাঝাৰত ৷

আনহাতে ,নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত থকা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক আবু বক্কৰ চিদ্দীকে কয়,ধিঙৰ দলবদ্ধ বল্যাৎকাৰ কাণ্ডৰে জড়িত দুই অভিযুক্ত শাস্তি পোৱাটো সংখ্যালঘু ৰাইজেও বিচাৰিছে৷ যিহেতুকে অপৰাধী যি সম্প্ৰদায়ৰে নহওক কিয়,অপৰাধী অপৰাধীয়েই । দীৰ্ঘসময় ধৰি আত্মগোপন কৰি থকা অভিযুক্তদ্বয়ক কৰায়ত্ত হোৱাটো সকলোৱে কামনা কৰিছে ৷

এই সন্দৰ্ভত অভিযুক্তৰ পৰিয়ালৰ স’তে আলোচনা কৰি তেওঁলোকৰ আগ্ৰহত বিশেষ খবৰৰ ভিত্তিত গোলাপউদ্দিনক হোজাইৰ মোৰাঝাৰৰ পৰা আৰু ফৰিদুল ইছলামক ডিমাপুৰৰ আত্মগোপন কৰি থকা স্থানৰ পৰা লৈ অনা হয় ৷ অৱশেষত দুয়োৱে ইতিমধ্যে নগাঁও এছপিৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছতে দুয়োকে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে নগাঁও সদৰ আৰক্ষীয়ে

উল্লেখ্য যে বিগত ১৫ দিনে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল ধিং বল্যাৎকাৰ কাণ্ডৰ দুই অভিযুক্তক। পলাতক দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱৰাত অধিক ক্ষুব্ধ হৈ পৰিছিল ধিঙৰ দল – সংগঠন সহ ধিংবাসী।

পলাতক দুই অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবীত অব্যাহত আছিল উত্তাল প্ৰতিবাদ। ইয়াৰ মাজতে ইতিপূৰ্বে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত পলাবলৈ লওঁতেই পুখুৰীত পৰি মৃত্যু হৈছিল এগৰাকী মুল অভিযুক্ত তাফাজ্জুলৰ।

Exit mobile version