Fraudster Bishal Phukan:মহা প্ৰৱঞ্চক বিশাল ফুকনৰ আলাদ্দিনৰ চাকি !

অসৎ পথেৰে আহৰণ কৰা ধন কেনেকৈ উৰুৱাইছিল বিশাল ফুকনে, প্রতিনিশা ১৯ লাখটকীয়া ডুবাইৰ হোটেলত কটাই ডেৰ কোটি টকাৰ বজাৰ কৰিলে, গুৱাহাটীৰ তৰুণ নগৰত সাত কোটিটকীয়া ফ্লেট ক্ৰয়ৰ পৰা চুমি বৰাক উদয়পুৰত বিয়া পাতিবলৈ নগদ তিনি কোটি ৭৬ লাখটকীয়া হীৰাৰ আঙঠি উপহাৰ দিয়ালৈ...

sumi 1

Fraudster Bishal Phukan:

অনলাইন ট্রেডিঙৰ নামত অসৎ পথেৰে বিস্তৰ ধন আহৰণ কৰি দুয়ো হাত খুলি খৰচ কৰি আহিছে প্ৰৱঞ্চক বিশাল ফুকনে। ইয়াৰ ভিতৰত তেওঁ সন্দেহজনক সম্পৰ্ক ৰক্ষা কৰা চুমি বৰা নামৰ বিতর্কিত অভিনেত্ৰী গৰাকীক বিয়া পাতিবলৈ তিনি কোটি টকা দিয়ালৈকে আছে।

আৰক্ষীৰ তদন্তত পোহৰলৈ অহা মতে, বিশালে গুৱাহাটীৰ তৰুণ নগৰত এটা বিলাসী প্রটেক তৰুণ এপার্টমেন্টত সাত কোটি টকাৰ বাবদ এটা ডুপ্লেক্স ক্রয়ো কৰে। একেদৰে চুমি বৰাৰ ৰাজস্থানৰ উদয়পুৰতে অনুষ্ঠিত বিয়াৰ পাৰ্টিৰ বাবদ তেওঁ তিনি কোটি টকা ব্যয় কৰে। কেৱল সেয়াই নহয়, চুমিক তেওঁ এটা ৭৬ লাখ টকীয়া হীৰাৰ আঙঠিও উপহাৰ দিয়ে। আনকি চুমিৰ ব্যক্তিগত শাৰীৰিক ব্যায়াম-অনুশীলনৰ প্ৰশিক্ষক তন্দ্ৰামণিকো বিশালে মাহিলি নগদ ৫০ হেজাৰ টকাকৈ দিয়ে। তদুপৰি চুমিৰ জন্মদিন উপলক্ষে যোৱা আঠ আগষ্টত এটা দুই লাখটকীয়া টেডী বীয়েৰ উপহাৰ দিয়ে।

আনহাতে, চুমিৰ বিয়াৰ পাছত বিশাল, চুমি আৰু আদিত্যম শইকীয়া (চলচ্চিত্র পৰিচালক)ই ডুবাই ভ্রমণ কৰে। এই ডুবাই ভ্ৰমণৰ সময়ত তেওঁলোকে তিনিটা নিশা হোটেল বুৰ্জ আৰৱত কটায়। ইয়াৰ বাবদ প্রতি নিশা ১৯ লাখকৈ মুঠ ৫৭ লাখ টকা বিশালে ব্যয় কৰে। তদুপৰি আটলান্টিক পাৰ নামৰ আন এখন হোটেলতো তেওঁলোকে পাঁচটা নিশা কটায়।

ইয়াৰ এনিশাৰ বাবদ তেওঁলোকৰ এক লাখ টকাকৈ ব্যয় হয়। অর্থাৎ মুঠ পাঁচ লাখ টকা ব্যয় কৰি তেওঁলোকে আটলান্টিক পাৰ হোটেলত পাঁচটা নিশা কটায়। তদুপৰি বিশালে ডুবাইত ডেৰ কোটি টকাৰ বজাৰ কৰে। বিশালে গুৱাহাটীৰ নাৰেংগীৰ আইডিয়েল ভিউ এপার্টমেন্টত ১.৫ কোটি টকাৰে এটা ফ্লেট ক্রয় কৰে। তদুপৰি তেওঁ চুমিৰ স্বামী তার্কিক বৰাক ৪৫ লাখ টকীয়া এখন বিলাসী ফচুনাৰ গাড়ী উপহাৰ দিয়ে। চুমি-তার্কিকৰ বিয়াৰ ভাড়া হিচাপে গুৱাহাটীৰ পৰা উদয়পুৰৰ বিমানৰ বাবদ তেওঁ ৩৩ লাখ টকা ব্যয় কৰে। কেৱল সেয়াই নহয়, বিশালে এটা ঔষধ কোম্পানী প্ৰতিষ্ঠাৰ বাবে ডিব্ৰুগড়ত ১০ বিঘা ভূমিও ক্ৰয়ৰ উদ্দেশ্যে গৰাকীক ২৫ লাখ টকাৰ আগধন দিয়ে।

তদুপৰি চুমিৰ ডিব্ৰুগড়ৰ ৰেব আগৰৱালা পথস্থিত নৃত্য একাডেমীৰ বাবে বিশালে নগদ ২৫ লাখ টকাসহ ৩৩ লাখ টকা ব্যয় কৰে। তেওঁ একাডেমীৰ ভূমিৰ গৰাকীক নগদ পাঁচ লাখ টকা দিয়ে। তদুপৰি ‘ছিগ্‌গ্না টাইল’ প্রতিষ্ঠানক নগদ ১০ লাখ টকা দিয়ে। উক্ত নৃত্য একাডেমীৰ ‘ছাউণ্ড প্রুফ’ৰ ডিজাইনৰ বাবদো তেওঁ ১৫ লাখ টকা ব্যয় কৰে। তদুপৰি বিশালৰ ডিব্ৰুগড়ৰ বৈৰাগীমঠত দুহেজাৰ বৰ্গ ফুটৰ কাৰ্যালয় আছে। তেওঁ ইন্টেৰিঅ’ৰ ডিজাইনাৰ কৰিশ্মা কাকতীক ৮৫ লাখ টকা দিয়ে। ইয়াৰে ৫০ শতাংশ ধন তেওঁ নগদ পৰিশোধ কৰে। আনহাতে, যোৱা নৱেম্বৰত চুমিয়ে বিশালক বিদেশী বিলাসী ভাৰ্ছাচ ব্ৰেণ্ডৰ ২.৫ লাখটকীয়া ঘড়ী উপহাৰ দিয়ে।

# প্ৰৱঞ্চক বিশালৰ পৰ্বতসম সম্পত্তিৰ তালিকা:

➡️পূর্বাঞ্জলী এপার্টমেন্টত ৬৩.২৫ লাখটকীয়া ফ্রেট (নম্বৰঃ ৫০৩)। এই ফ্লেট ক্রয় কৰোতে নগদৰূপত ৪৪ লাখ টকা পৰিশোধ।

➡️গুৱাহাটীৰ নাৰেংগীৰ আইডিয়েল ভিউ এপার্টমেন্টত ডেৰ কোটিটকীয়া ফ্লেট।

➡️ গুৱাহাটীৰ তৰণ নগৰৰ প্রতীক তৰুণ এপার্টমেন্টত সাত কোটিটকীয়া ডুপ্লেক্স।

➡️ ডিব্ৰুগড়ৰ বৈৰাগীমঠত দুহেজাৰ বৰ্ণফুটৰ কার্যালয়। ইন্টেৰিঅ’ৰ ডিজাইনাৰ কৰিশা কাকতীক ৮৫ লাখ টকা আদায়।

➡️ চুমি বৰাৰ নৃত্য একাডেমীৰ নামত ৩৩ লাখ টকা ব্যয়।

➡️ চুমি বৰাৰ নৃত্য একাডেমীৰ ছাউণ্ড প্রুফ ডিজাইনৰ বাবদ ১৫ লাখ টকা ব্যয়।

➡️ যোৱা বছৰৰ ছেপ্টেম্বৰত ভূমি বৰাক টিফানি ব্ৰেণ্ডৰ ৭৬ লাখটকীয়া হীৰাৰ আঙঠি উপহাৰ। মুম্বাইত এই আঙঠি ক্রয়।

➡️ চলিত বছৰৰ আঠ আগষ্টত চুমিৰ জন্মদিনত তেওঁক দুই লাখটকীয়া টেডী বীয়েৰ উপহাৰ।

➡️ চুমিৰ ব্যক্তিগত জিম প্রশিক্ষকতন্দ্ৰামণিক মাহিলি নগদ ৫০ হেজাৰ টকাকৈ আদায়।

➡️ ডুবাইৰ মলত ডেৰ কোটি টকাৰে বজাৰ-সমাৰ।

➡️ মাকক ৩৩ লাখ টকীয়া এমজি হেক্টৰ গাড়ী উপহাৰ।

➡️ চুমিৰ স্বামী তার্কিক বৰাক ৪৫ লাখটকীয়া ফচুনাৰ গাড়ী উপহাৰ।

➡️ চুমিৰ বিয়াৰ পাৰ্টি (ৰাজস্থানৰ উদয়পুৰ)ত তিনি কোটি টকা ব্যয়।

➡️ চুমিৰ উদয়পুৰত আয়োজিত বিয়ালৈ গুৱাহাটীৰ পৰা বিমান ভাড়াৰ বাবদ ৩৩ লাখ টকা ব্যয়।

➡️ ডুবাইৰ হোটেল বুৰ্জ আৰৱত চুমি আৰু আদিত্যম শইকীয়াৰ স’তে তিনি নিশা কটোৱাৰ বাবদ ৫৭ লাখ টকা ব্যয়। ডুবাই আটলান্টিক হোটেলত পাঁচ নিশা থকাৰ বাবদ পাঁচ লাখ টকা ব্যয়।

➡️ ঔষধ কোম্পানীৰ ১০ বিঘা ভূমি ক্ৰয়ৰ উদ্দেশ্যে ২৫ লাখ টকাৰ আগধন।

Exit mobile version