North East United FC young star Parthiv Gogoi:ব্যক্তিগত প্ৰদৰ্শনতকৈ দলীয় সফলতা মোৰ বাবে গুৰুত্বপূৰ্ণ: পাৰ্থিৱ

নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ যুৱ তাৰকা অসম সন্তান পাৰ্থিৱ গগৈৰ

p gogoi

North East United FC young star Parthiv Gogoi:

 ‘ফুটবলত ব্যক্তিগত প্ৰদৰ্শন স্বাভাৱিকতে মুল্যহীন যদিহে দলৰ প্ৰদৰ্শন ফলদায়ক নহয় ৷ সেয়ে মই বিশ্বাস কৰো দলে উন্নত প্ৰদৰ্শন কৰাটো৷ আমি যেতিয়া এখন খেলত জয়লাভ কৰিম তেতিয়া দলটোৱে যে ভাল ফুটবল খেলিছে সেইটোহে বাস্তৱত প্ৰতিপন্ন কৰে ৷ তাৰমানে দলৰ সকলো সদস্যই ভাল প্ৰদৰ্শন কৰিছে বাবেহে দলৰ জয় সম্ভৱ হৈছে ৷ বিপৰীতে পৰাজয় হ’লে সকলো সদস্যৰ ব্যৰ্থতা বুলি ধৰি লোৱা হয়৷’ এই মন্তব্য নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ যুৱ তাৰকা অসম সন্তান পাৰ্থিৱ গগৈৰ ৷

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপ ফুটবলৰ খিতাপ জয়ৰে নতুন ছিজনৰ আৰম্ভনি কৰা নৰ্থ ইষ্ট ইউনাইটেডে ইণ্ডিয়ান ছুপাৰ লীগ-২০২৪-২৫ [আই এছ এল] তো প্ৰত্যাশিত আৰম্ভনি কৰাৰ বাবে সাজু হৈছে৷ নতুন ছিজনক লৈ পাৰ্থিৱৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰশ্ন কৰাত যোৱা ছিজনত চমকপ্ৰদ প্ৰদৰ্শনৰে দেশৰ ফুটবলপ্ৰেমীৰ হৃদয় জয় কৰা তথা ডুৰাণ্ড কাপতো অনবদ্য খেলেৰে নতুন ছিজনতো নিজৰ প্ৰদৰ্শনৰ ধাৰাবাহিকতা ৰক্ষা কৰা প্ৰতিভাবান ষ্ট্ৰাইকাৰ গৰাকীয়ে এইদৰে কয় ৷

‘ডুৰাণ্ড কাপৰ চেম্পিয়ন হোৱাটো আমাৰ বাবে অনন্য সফলতা ৷ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় স্তৰত নৰ্থ ইষ্ট ইউনাইটেডে চেম্পিয়ন হোৱাৰ গৌৰৱ লাভ কৰিছে ৷ তাতকৈয়ো ডাঙৰ কথাটো হ’ল কলকাতাত মোহন বাগানৰ বিৰুদ্ধে ফাইনেল খেলি দুগলত পিছ পৰি থকাৰ পাছতো আমি দৃঢ়তা আৰু আত্মবিশ্বাস অটুট ৰাখি চেম্পিয়ন হৈছো৷ স্বাভাৱিকতে এই সফলতাই দলৰ ডেছিং ৰূমৰ পৰিৱেশ সম্পূৰ্ণৰূপে সলনি কৰি দিছে ৷ এতিয়া আমাৰ লক্ষ্য হ’ব প্ৰদৰ্শনৰ ধাৰাবাহিকতা ৰক্ষা কৰি আসন্ন আই এছ এলতো সফলতা অৰ্জন কৰা৷’ পাৰ্থিৱে লগতে কয় ৷

উল্লেখযোগ্য যে নৰ্থ ইষ্ট ইউনাইটেডে একাদশ সংখ্যক আই এছ এলত লীগৰ প্ৰথম মেচখন অহা ১৬ ছেপ্টেম্বৰত কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত লীগৰ নতুন দল মহমেদান স্পৰ্টিং ক্লাবৰ বিৰুদ্ধে খেলিব ৷ আনহাতে, গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডে প্ৰথম মেচখন অহা ২৯ ছেপ্টেম্বৰত খেলিব ৷ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত গুৱাহাটীৰ আই এছ এল দলটোৱে কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ মুখামুখি হ’ব ৷

যোৱা ছিজনত এক পইণ্টৰ বাবে নকআউট ৰাউণ্ডত প্ৰৱেশ কৰিব নোৱাৰা নৰ্থ ইষ্ট ইউনাইটেডে মুঠ ২২ মেচৰ ছয়খনত জয়লাভ কৰাৰ বিপৰীতে আঠ খনত পৰাজয় তথা সমসংখ্যক মেচ ড্ৰ খেলি তালিকাৰ সপ্তম স্থানত আছিল৷ ‘আমি নতুন ছিজন সফলতাৰে আৰম্ভ কৰাৰ আশা কৰিছিলো৷ ডুৰাণ্ড কাপৰ ট্ৰফীয়ে দলক সুন্দৰ আৰম্ভনি দিলে ৷ এতিয়া কিন্তু সমৰ্থকে দলৰ পৰা অধিক আশা কৰিব৷ স্বাভাৱিকতে এয়া এক চাপ ৷’ পাৰ্থিৱে লগতে কয় ৷

ইফালে, নিজৰ লগতে দলৰ যুৱ ফুটবলাৰৰ ওপৰত বিশ্বাস আৰু আস্থা ৰখাৰ বাবে পাৰ্থিৱে স্পেনিছ প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালিৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ক্লাবৰ স্বত্তাধিকাৰী জন আব্ৰাহামে নতুন খেলুৱৈসকলক অধিক উৎসাহ আৰু বিশ্বাস দিছে বুলি ব্যক্ত কৰে ৷

Exit mobile version