Apcc Pressmeet Against Cm: ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মুখ্যমন্ত্ৰীক মিছা নামাতিবলৈ আহ্বান ভূপেন বৰাৰ

সংবাদমেলত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে হিমন্ত বিশ্ব শৰ্মাক মনত পেলাই দিলে অতীতৰ কথা

apcc

Apcc Pressmeet Against Cm:

চৰাইদেউত অনুষ্ঠিত হ’বলগীয়া বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ এদিন পূৰ্বে আজি সংবাদমেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক পুনৰ ওভতি ধৰে।

পত্নীৰ সম্পত্তি বিতৰ্ক তল পেলাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনক ঢাল হিচাবে ব্যৱহাৰ কৰিছে বুলিও কয় সভাপতি বৰাই। তেওঁ কয়, ‘২০১৯ চনত গঠিত হোৱা ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত চৰকাৰৰ ওচৰত দাখিল কৰিছিল। দীঘলীয়া সময় বিজেপি চৰকাৰে সেইখন ধোৱা চাঙত থৈ দিলে। এতিয়া বিভিন্ন ৰাজনৈতিক হেঁচাত পৰি সেই কথা মুখ্যমন্ত্ৰীৰ মনত পৰিছে।’

কি কাৰণত প্ৰতিবেদনখনৰ ১০ টা পৰামৰ্শ বাদ দিয়া হ’ল আৰু বাদ দিয়া পৰামৰ্শকেইটাত কি আছে সেয়াও জনাবলৈ সভাপতি বৰাই মুখ্যমন্ত্ৰীক আহ্বান জনায়। ‘কা’ আৰু অসম চুক্তি পৰস্পৰ বিৰোধী বুলি উল্লেখ কৰি বৰাই কয় যে মুখ্যমন্ত্ৰীয়ে প্ৰকৃত কথাটো ব্যাখ্যা কৰাৰ পৰা বিৰত আছে। একেদৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হৈ নুঠাৰ বাবে কংগ্ৰেছক জগৰীয়া কৰা কাৰ্যৰো তীব্ৰ বিৰোধিতা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

এই সন্দৰ্ভত বৰাই কংগ্ৰেছৰ কাৰ্যকালত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে কি ব্যৱস্থা লোৱা হৈছিল সেয়াও হিমন্ত বিশ্ব শৰ্মাক সোঁৱৰাই দিয়ে। তেওঁ কয় যে তদানীন্তন বিভানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈৰ নেতৃত্বত অসম বিধানসভাৰ এটা দলে দিল্লীলৈ গৈ তেতিয়াৰ গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল অ’ৰামক সাক্ষাৎ কৰিছিল।

সেই সময়ত হিমন্ত বিশ্ব শৰ্মাও কংগ্ৰেছ চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী হৈ থকাৰ পিছতো এতিয়া ৰাজনৈতিক স্বাৰ্থত আৰু কিমান মিথ্যাচাৰৰ আশ্ৰয় ল’ব বুলিও ভূপেন বৰাই প্ৰশ্ন কৰে। এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাক নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে তীব্ৰ সমালোচনা কৰে। তেওঁ কয়, ”হিমন্ত বিশ্ব শৰ্মাও কংগ্ৰেছ চৰকাৰৰ দিনত মোৰ সতীৰ্থ মন্ত্ৰী আছিল।

মই তেখেতক মনত পেলাই দিব খুজিছো যে কংগ্ৰেছ দলৰ চৰকাৰে সেই সময়ত এটা স্পষ্ট সিদ্ধান্ত লৈছিল। দিনটো আছিল ৯ ডিচেম্বৰ, ২০১৩। তেতিয়া হিমন্ত বিশ্ব শৰ্মাও মন্ত্ৰী আছিল যদিও তৰুণ গগৈক পিছফালৰ পৰা ডেগাৰ মাৰি নিজে মুখ্যমন্ত্ৰী হোৱাৰ কুছকাৱাজ আৰম্ভ কৰিছিল। যি নহওক, কংগ্ৰেছ চৰকাৰে তেতিয়া ইতিমধ্যে অসমৰ জনজাতি হিচাপে স্বীকৃত জনজাতিসমূহৰ সংবিধান প্ৰদত্ত অধিকাৰৰ কোনো ক্ষতি নোহোৱাকৈ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে হাতে-কামে লাগিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।’ এইদৰে সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মুখ্যমন্ত্ৰী গৰাকীক চূড়ান্ত মিথ্যাচাৰী আখ্যা দি নিজৰ অতীত পাহৰি নাযাবলৈকো একপ্ৰকাৰ মনত পেলাই দিয়ে।

Exit mobile version