Cm Pressmeet In Loksewa Bhawan:দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল

cm pressmeet

Cm Pressmeet In Loksewa Bhawan:

অসম চুক্তিৰ ছয় নং দফা সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন কমিটীৰ প্ৰতিবেদনত দিয়া পৰামৰ্শতকৈ অসম চৰকাৰে অধিক কাম কৰা বুলি মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদনত দাবী কৰিছিল সদ্য সমাপ্ত অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ ২৯ আগষ্টৰ দিনটোত । কিন্ত তাৎপৰ্যপূৰ্ণভাৱে সদনত ঘোষণাৰ এসপ্তাহৰ পিছতে লখিমপুৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেটত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন কমিটীৰ প্ৰতিবেদনত দিয়া পৰামৰ্শ গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।

আজি এই সন্দৰ্ভত আৰু আন কেতবোৰ বিষয়ক লৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাই দিছপুৰৰ জনতা ভৱনৰ লোকসেৱা ভৱনত সম্বোধন কৰে এক সংবাদমেল। মুখ্যমন্ত্ৰীয়ে কয় যে, বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শৱলীমৰ্মে ৰাজ্য চৰকাৰে অহা তিনি- চাৰিমাহত প্ৰতি সপ্তাহে সদৌ অসম ছাত্ৰ সন্থাৰ স’তে আলোচনাত বহি অসম চুক্তি ৰূপায়ণৰ পদক্ষেপ গ্ৰহণ কৰিব ৷

আনহাতে শেহতীয়াকৈ ধুবুৰী, গোৱালপাৰা জিলাত জনসংখ্যাতকৈ বেছি আধাৰ কাৰ্ড ওলাইছে ৷ অনুমান কৰিব পাৰি যে সন্দেহযুক্ত লোকে আধাৰ সংগ্ৰহ কৰিছে ৷ এন আৰ চিত আবেদন নকৰা সকলে নাপাব আধাৰ কাৰ্ড ৷ একেদৰে কোনো বিদেশী নাগৰিকে অসমত ল’ব নোৱাৰিব আধাৰ কাৰ্ড ৷ অবৈধ বাংলাদেশী প্রতিহত কৰিবলৈ লোৱা হ’ব কাৰ্য ব্যৱস্থা । আগন্তুক ১০ দিনত আধাৰ কাৰ্ডক লৈ চৰকাৰে নির্দেশনা জাৰি কৰিব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব আধাৰ লাভৰ প্ৰক্ৰিয়া ৷ জিলা আযুক্তৰ এন অ’ চি পালেহে লাভ কৰিব আধাৰ ৷

আনহাতে বহুচৰ্চিত মানি ট্ৰেডিং বিত্তীয় কেলেংকাৰী সন্দৰ্ভত চৰকাৰ অতি কঠোৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়,ট্রেডিঙৰ তদন্তৰ দায়িত্ব আই টি আৰু ইডিয়ে কৰিব ৷ প্রয়োজন হ’লে চিবিআইকো দিব তদন্তৰ দায়িত্ব। চুমি বৰা বৰ্তমানেও আত্মগোপন কৰি থকা সম্পৰ্কত কয়, চুমি বৰাই অসমৰ বাহিৰলৈ ওলাই যাব নোৱাৰে ৷ চুমিৰ হাতত দহ লাখ মান টকা থকা বাবে ঘূৰি আছে ৷ কিন্ত ধন শেষ হ’লে নিজেই পুলিচৰ স’তে যোগাযোগ কৰি আত্মসমৰ্পন কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বুলি কৈ মুখ্যমন্ত্ৰীয়ে কয়, কৰ্মচাৰীক জীৱনৰ নিৰাপত্তা প্ৰদানৰ বাবে কৰ্মচাৰীয়ে লাভ কৰিব ১০ লাখ টকাৰ জীৱন বীমা ৷ সেই অনুসৰি ১ কোটি টকাৰ দুৰ্ঘটনা বীমাৰ সুবিধা কৰিব পৰিয়ালৰ লোকে ৷

Exit mobile version