Nalbari Barbhag Block Cnngress Protest:স্মাৰ্টমিটাৰ বাতিলৰ দাবীত বৰভাগ ব্লক কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

barbhag congress protest image

Nalbari Barbhag Block Congres Protest:

তিনি শতাধিক কংগ্ৰেছ কৰ্মীয়ে এ পি ডি চি এল হায় হায়,স্মাৰ্টমিটাৰ বাতিল কৰক আদি শ্ল’গানৰে উত্তাল কৰে বৰভাগৰ আকাশ বতাহ ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ আহ্বান মৰ্মে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি নলবাৰী জিলাৰ বৰভাগটো বৰভাগ ব্লক কংগ্ৰেছৰ উদ্যোগত সম্প্ৰতি ৰাজ্যত সৰ্বত্ৰে চৰ্চিত হৈ থকা স্মাৰ্টমিটাৰৰ বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে ৷

তদুপলক্ষে পুৱা দহবজাত বৰভাগৰ বাকেৰকুছি চ’কৰ পৰা এটি সমদল উলিয়াই বৰভাগ ৰাজহচক্ৰ কাৰ্য্যলয় সন্মুখত সামৰণি মাৰে৷ উক্ত ঠাইত স্মাৰ্টমিটাৰ বাতিলৰ দাবীত বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানৰে ধৰ্না দিয়াৰ অন্তত ৰাজহচক্ৰ বিষয়াক এখনি স্মাৰকপত্ৰ প্ৰদান কৰে ৷

আজিৰ কাৰ্য্যসূচীত বৰভাগ ব্লক কংগ্ৰেছৰ বৰভাগ ব্লক কংগ্ৰেছৰ কাৰ্য্যকৰি সভাপতি হলধৰ কলিতা,প্ৰাক্তন সভাপতি হৰেশ্বৰ ভূঞা,সাধাৰন সম্পাদক(প্ৰশাসনিক)লক্ষীধৰ ডেকা নলবাৰী জিলা কংগ্ৰেছৰ সম্পাদক ৰাতুল বৈশ্য,নলবাৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্রী বিতুমনি দেৱী,সম্পাদিকা সুৰঞ্জনা তালুকদাৰৰ উপৰিও কংগ্ৰেছ কৰ্মী চাহনুৰ আলী তবিব আলী,ললিত ডেকা আদি কৰি প্ৰায় তিনি শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

Exit mobile version