Horoscope:ৰাশিফল
মেষ: এই ৰাশিৰ জাতক-জাতিকাক আজিৰ দিনটোত কৃতকার্যতাই মনত আনন্দ দিব। দিনৰ দুই বজাৰ পাছত যাত্রা নকৰাই ভাল। শৰীৰ মোটামুটি ভালেই যাব। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।
বৃষ: দিনটো ভালেই দেখা যায়। হনুমান মন্দিৰ দৰ্শন কৰিব। শৰীৰৰ প্ৰতি যত্ন ৰাখিব। প্রেমত সাফল্য আশা কৰিব পাৰে। উচ্চ শিক্ষাত বাধা দূৰ হ’ব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ১।
মিথুন: কৰ্মক্ষেত্ৰত সহকর্মীৰ লগত বুজা-পৰা ঠিক থাকিব। হাতত লোৱা কাম বিলাক শেষ কৰাৰ চেষ্টা কৰক। ব্যৱসায়ত মধ্যম। প্রেমত বাধা নাই। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৩।
কর্কট: হাতত লোৱা কামবিলাক শেষ কৰাৰ চেষ্টা কৰক। ধনাগম মধ্যম। ওচৰত থকা কোনো বন্ধুৰ লগত বহুদিনৰ পাছত আপোনাৰ সাক্ষাৎ হ’ব পাৰে। শুভ ৰং ক’লা। শুভ সংখ্যা ৫।
সিংহ: আজি পুৱা ঘৰৰ পৰা ওলাই আহোতে শনি মন্দিৰত আঠটা তিল তেলৰ প্রদীপ জ্বলাব। ৰাতি নিৰামিষ আহাৰ খাব আৰু শুভ কৰ্ম নকৰিব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৭।
কন্যা: আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত আকস্মিক পৰিৱৰ্তন আহিব পাৰে। প্রতিযোগিতামূলক পৰীক্ষাৰ উত্তীৰ্ণ হ’ব পাৰিব। সন্তানৰ ক্ষেত্ৰত শুভ নহ’ব। বিদ্যার্থী সকলৰ দিনটো শুভ। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৬।
তুলা: আপোনাৰ মাটিৰ কামৰ সমস্যা সমাধান হ’ব পাৰে। ধন স্থান ভাল। -প্রেমত সাফল্য আশা কৰিব পাৰে। দাম্পত্যত মধ্যম। উচ্চ শিক্ষাত বাধা সোণালী। শুভ সংখ্যা ৮।
বৃশ্চিক: চাকৰি ক্ষেত্ৰত উন্নতিৰ অযথা পলম আৰু বাধা আহিব। স্থাৱৰ সম্পত্তি লাভৰ যোগ। ব্যৱসায়ত শুভ যদিও কোনো দিশৰ পৰা লোকচানৰ সম্ভাৱনা। শুভ ৰং সোণালী। শুভ সংখ্যা ৩।
ধনুঃ আপোনাৰ আর্থিক দিশত সচ্ছলতা আহিব। ব্যৱসায়তো শুভ ফল আশা কৰিব পাৰে। যান-বাহন ভূমি লাভৰ সুযোগ। দুর্ঘটনা আদিৰ পৰা সাৱধান হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।
মকৰ : নিবনুৱা ব্যক্তিৰ কৰ্ম লাভৰ যোগ আছে। শৰীৰৰ ক্ষেত্ৰত শুভ ফল আশা কৰিব নোৱাৰে। ভ্রমণত সাৱধান হওক। প্ৰেমৰ ক্ষেত্ৰত বাধাসমূহ দূৰ হ’ব।শুভ ৰং কমলা। শুভ সংখ্যা ৯।
কুম্ভ: বিবাহৰ ক্ষেত্ৰত ওচৰ চুবুৰীয়া তথা আত্মীয় পৰা শত্রুতা আহিব পাৰে। ভ্রমণত সাৱধান হ’ব। স্বাস্থ্য মধ্যম। মামলা মোকদৰ্মাৰ পৰা দূৰৈত থকা ভাল হ’ব। শুভ ৰং বগা। শুভ সংখ্যা ৮।
মীন: শিল্পী-সাহিত্যিকৰ বাবে শুভ সময়। আনৰ চেষ্টাত ভুল বুজা-বুজি দূৰ হ’ব। দাম্পত্য জীৱন সুখকৰ হ’ব। সন্তানৰ যশ কীর্তিয়ে আনন্দ দিব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৫।