Investment in chips hit a record high in August, while investment in debt mutual funds fell:আগষ্টত ছিপত বিনিয়োগৰ অভিলেখ, ডেট মিউচুৱেল ফাণ্ডত বিনিয়োগ হ্রাস

matual fund

Investment in chips hit a record high in August, while investment in debt mutual funds fell:

যোৱা আগষ্টত ভাৰতত ছিষ্টেমেটিক ইনভেষ্টমেন্ট প্লেন (ছিপ) ত বিনিয়োগৰ সংখ্যা যথেষ্ট বৃদ্ধি পালে। ছিপত বিনিয়োগৰ ক্ষেত্ৰত যোৱা মাহত দেশত এক নতুন অভিলেখ সৃষ্টি হ’ল। এছ’চিয়েচন অৱ মিউচুৱেল ফাণ্ড অৱ ইণ্ডিয়া (এএমএফআই)ৰ তথ্য অনুসৰি, আগষ্ট ২০২৪ত ছিপত বিনিয়োগৰ পৰিমাণ ২৩,৩৩২ কোটি টকাৰ পৰা ২৩,৫৪৭ কোটি টকালৈ বৃদ্ধি পালে। দেশত দ্বিতীয়বাৰলৈ ছিপত মাহেকীয়া বিনিয়োগ ২৩,০০০ কোটি টকাৰ অধিক হ’ল আগষ্টত।

আনহাতে, আগষ্টত মিউচুৱেল ফাণ্ডত প্রকৃত বিনিয়োগ ৪৩ শতাংশ হ্রাসৰে ১.০৮ লাখ কোটি টকা হৈছিল। জুলাইত প্রকৃত মিউচুৱেল ফাণ্ডত বিনিয়োগৰ পৰিমাণ আছিল ১.৮৯ লাখ কোটি টকা। ইফালে ইকুইটি মিউচুৱেল ফাণ্ডত বিনিয়োগ তিনি শতাংশ বৃদ্ধিৰে ৩৮,২৩৯ কোটি টকা হ’ল। জুলাইত এই পৰিমাণ আছিল ৩৭,১১৩ কোটি টকা।

আগষ্টত ডেট মিউচুৱেল ফাণ্ডত ৪৫,১৬৯ কোটি টকা বিনিয়োগ হৈছিল। জুলাইত ১.১৯ লাখ কোটি টকাৰ বিপৰীতে আগষ্টত ডেট মিউচুৱেল ফাণ্ডত বিনিয়োগ ৬২ শতাংশ হ্রাস পালে।

Exit mobile version