Musk is on track to become the world’s first trillionaire, followed by Gautam Adani:বিশ্বৰ প্ৰথম ট্রিলিয়নেৰ হোৱাৰ পথত মাস্ক, দ্বিতীয় স্থানত আছে ভাৰতীয় ধনাঢ্য আদানী

২০২৭ বৰ্ষত বিশ্বৰ প্ৰথমজন ট্রিলিয়নেৰ হিচাপে স্বীকৃত হোৱাৰ সম্ভাৱনা মাস্কৰ

adani

Musk is on track to become the world’s first trillionaire, followed by Gautam Adani:

২০২৭ বৰ্ষৰ ভিতৰত বিশ্বৰ প্ৰথম ট্রিলিয়নেৰ হিচাপে স্বীকৃত হ’ব পাৰে এলন মাস্ক। বৰ্তমানৰ বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি হিচাপে পৰিচিত মাস্ক ৷ তেওঁ টেছলা, স্পেচএক্স, এক্সসহ একাধিক বিশ্বখ্যাত প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী। এক প্রতিবেদনত উল্লেখ কৰা অনুসৰি, বর্তমানে ২৩৭ বিলিয়ন মার্কিন ডলাৰৰ সম্পত্তিৰ অধিকাৰী মাস্কে বিশ্বৰ প্ৰথম ট্রিলিয়নেৰ হিচাপে স্বীকৃতি লাভ কৰিবলৈ হ’লে তেওঁৰ বার্ষিক গড় সম্পত্তি বৃদ্ধিৰ হাৰ ১১০ শতাংশলৈ বৃদ্ধি পাব লাগিব।

এই হাৰত মাস্কৰ সম্পত্তিৰ বৃদ্ধি অব্যাহত থাকিলে তেওঁ ২০২৭ বৰ্ষত বিশ্বৰ প্ৰথমজন ট্রিলিয়নেৰ হিচাপে স্বীকৃত হোৱাৰ সম্ভাৱনা আছে। একেটা প্রতিবেদনত উল্লেখ কৰা মতে, মাস্কৰ এবছৰৰ পাছত অর্থাৎ ২০২৮ বর্ষত বিশ্বৰ দ্বিতীয়জন ট্রিলিয়নেৰ হিচাপে স্বীকৃতি লাভ কৰিব পাৰে ভাৰতীয় ধনাঢ্য গৌতম আদানীয়ে

বর্তমানে এছিয়াৰ সবাতোকৈ ধনাঢ্য ব্যক্তি মুকেশ আম্বানীও ২০৩৩ বৰ্ষত ট্রিলিয়নেৰ হিচাপে স্বীকৃত হ’ব পাৰে। বর্তমানে বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত ১৩ সংখ্যক স্থানত আছে আদানী। বিশ্বৰ দ্বিতীয় ট্রিলিয়নেৰ হিচাপে স্বীকৃতি লাভৰ বাবে আদানীৰ গড় বাৰ্ষিক সম্পত্তি বৃদ্ধিৰ হাৰ ১২৩ শতাংশলৈ বৃদ্ধি কৰিব লাগিব।

আনহাতে বর্তমানে ১১১ বিলিয়ন ডলাৰৰ সম্পত্তিৰ অধিকাৰী আম্বানীয়ে ২০৩৩ বর্ষলৈ বিশ্বত এজন ট্রিলিয়নেৰ হিচাপে স্বীকৃত হ’ব পাৰে। মাস্ক আৰু আদানীৰ বাদেও বিশ্বত ট্রিলিয়নেৰ হিচাপে স্বীকৃতি লাভৰ দৌৰত আছে জেনছেন হুয়াং, প্রাজ’গু পাংগেষ্ট, বার্নার্ড আর্ণল্ট আৰু মাৰ্ক জুকাৰবাৰ্গৰ নাম।

Exit mobile version