Water of the Brahmaputra has dried up:বাৰিষা শেষ নৌহওঁতেই শুকাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বক্ষ

ভয়াৱহ ভৱিষ্যতৰ ইংগিত, নিমাতী-কমলাবাৰী সংযোগী ফেৰী চলাচলত সমস্যাৰ সৃষ্টি ,ফেৰী বালিচৰত লাগি আবদ্ধ মাজুলীৰ আয়ুক্ত,উদ্ধাৰ কৰিলে এছডিআৰএফেহে

brahmaputra main footage

Water of the Brahmaputra has dried up:

বাৰিষা শেষ নৌহওঁতেই অস্বাভাৱিক ধৰণে শুকাবলৈ লৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বক্ষ। আনকি পৰিস্থিতি এনে হৈছে যে যোৰহাটৰ নিমাতী আৰু মাজুলীৰ কমলাবাৰীৰ মাজত ফেৰী চলাচলতে সমস্যাৰ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰৰ এনে অস্বাভাৱিক জলস্তৰ হ্রাসে ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে বুল বিভিন্নজনে মন্তব্য কৰিছে।

লক্ষ্যণীয় যে চলিত মাহতে মাজে-সময়ে প্রৱল বৰষুণ হৈ আছে যদিও ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাবে হ্রাস পাইছে। ফলত ইয়াৰ উপনৈসমূহৰ পানীও শুকাই গৈছে। অসমৰ আয়ুসৰেখা স্বরূপ ব্ৰহ্মপুত্ৰৰ মধ্যস্থললৈকে জলস্তৰ হ্রাস পাইছে।

ফলত চৌদিশে কেবল মৰুভূমিসদৃশ বালিচৰৰ সৃষ্টি হৈছে। ইপিনে, এইদৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাত নিমাতী-কমলাবাৰীৰ মাজত চলাচল কৰা ফেৰীসমূহৰ যাত্রা সঘনে ব্যাঘাত হ’বলৈ ধৰিছে নিতৌ ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ পৰে। এনে অৱস্থাত ফেৰীসমূহে এটা ঠেক অংশৰে যেনে-তেনে চলাচল কৰি আছে।

আনহাতে, বালিচৰত ফেৰী লাগি থকাৰ আশংকাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে নিমাতী- কমলাবাৰীৰ মাজত ফেৰীৰ চলাচল বন্ধ ৰাখিছে। এনে অৱস্থাতে মঙলবাৰে বালিচৰত ফেৰী লাগি ধৰাৰ ফলত ব্ৰহ্মপুত্ৰত কিছু সময় ধৰি আবদ্ধ হৈ পৰে মাজুলীৰ জিলা আয়ুক্ত কাবেৰী বি শর্মা। পাছত বিষয়া গৰাকীক ৰাজ্যিক দুর্যোগ উপশম বাহিনীয়ে উদ্ধাৰ কৰে।

উল্লেখ্য যে ৭৫ যাত্রীসহ ৩৭ খন যান-বাহন আছিল ফেৰীখনত ৷ নিমাতীঘাটৰ পৰা কমলাবাৰীঘাটলৈ আহিছিল এছ বি বৈষ্ণৱী নামৰ ফেৰীখন ৷ ইপিনে, ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস অব্যাহত থকাত গুটীয়া ফেৰীসমূহহে চলাচল কৰি আছে ৷

Exit mobile version