Guwahati Sixmile thief:পুৱাই মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস

চোকা জাতীয় অস্ত্ৰ দেখুৱাই এগৰাকী মহিলাৰ ডিঙিৰ পৰা কাঢ়ি লৈ গ'ল সোণৰ চেইন

cctv image

Guwahati Sixmile thief:

পুৱাই মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস। চোকা জাতীয় অস্ত্ৰ দেখুৱাই এগৰাকী মহিলাৰ ডিঙিৰ পৰা কাঢ়ি লৈ গ’ল সোণৰ চেইন

মহিলাগৰাকী প্ৰাতঃভ্ৰমনলৈ অহাৰ সময়তে সংঘটিত হয় ঘটনাটি। ছয়মাইলৰ আমতলত সংঘটিত হৈছে এই ঘটনা। দুজনকৈ যুৱকে এখন বাইকত আহি মহিলাগৰাকীক এটি ৰাস্তাৰ ঠিকনা সুধিছিল।

সেই অচিলাৰে মহিলাগৰাকীৰ কাষ চাপি তেওঁ পৰিধান কৰা সোণৰ চেইনডাৰ কাঢ়ি নিমিষতে পলাই পত্ৰং দিয়ে চোৰ দুটা।উল্লেখ্য যে নম্বৰ প্লেটবিহিন এখন বাইকত আহিছিল চোৰ দুটা। সমগ্ৰ দৃশ্য বন্দী হৈছে CCTV কেমেৰাত।

Exit mobile version