APCC disciplinary committee has issued a notice to five Congress leaders to show cause:লোকসভা নির্বাচনত দল বিৰোধী কার্যকলাপ

এপিচিচিৰ ৫ নেতালৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰদেশ কংগ্ৰেছৰ অনুশাসন সমিতিৰ

apcc oooo

APCC disciplinary committee has issued a notice to five Congress leaders to show cause:

লোকসভা নিৰ্বাচন সম্পন্ন হোৱা ছমাহ হ’ল ৷ এতিয়াহে যেন হঠাতে সাৰ পালে অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৷ কাৰণতো হ’ল লোকসভা নির্বাচনত দল বিৰোধী কার্যকলাপত লিপ্ত হৈছিল কে’বাজনো বিধায়ক- জ্যেষ্ঠ নেতা ৷ সেই সময়ছোৱাত অৱশ্যে ৰাজ্যিক নেতৃত্বই সৰ্তক কৰিও দিছিল সেই সকল নেতাক ৷

কিন্ত তাৰ পিছতো যেন কোনো ফল নধৰিলে ৷ অৱশেষত এপিচিচিৰ অনুশাসন সমিতিয়ে এই সন্দৰ্ভত ল’লে বিশেষ ব্যৱস্থা ৷ শণিবাৰে কংগ্ৰেছৰ ৫নেতালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে এপিচিচিৰ অনুশাসন সমিতিয়ে ৷

 

লোকসভা নির্বাচনত দল বিৰোধী কার্যকলাপ কৰাৰ অভিযোগ উদ্থাপিত পাঁচ নেতা হ’ল ৰেকিবুদ্দিন আহমেদ,মীৰা বৰঠাকুৰ,আব্দুৰ ৰছিদ মণ্ডল,ভৰত চন্দ্ৰ নৰহ আৰু হাইলাকান্দিৰ কংগ্ৰেছ সভাপতি ছামছুদ্দিন বৰলস্কৰ।

উল্লিখিত নেতা সকললৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে অনুশাসন সমিতিৰ সভাপতি নৃপেন ঠাকুৰীয়া,কো- সভাপতি ববিতা শৰ্মা আৰু সদস্য সচিব ছাহিদুল হুছেইন শইকীয়াই ৷ পাঁচোজন নেতাই সাত দিনৰ ভিতৰত এপিচিচিৰ অনুশাসন সমিতিক দিব লাগিব শ্ব’কজ উত্তৰ ৷

Exit mobile version