Bangladesh’s Yunus-led interim government has banned worship:আজান-নামাজৰ সময়ত বাংলাদেশত হিন্দুৰ পূজা-অর্চনা কৰাত নিষেধাজ্ঞা ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰৰ

দুৰ্গা পূজাটো সংগীত বাদ্যযন্ত্ৰ আৰু লাউড স্পীকাৰ ব্যৱহাৰতো বাধাৰোপ

yunuj

Bangladesh’s Yunus-led interim government has banned worship:

শ্বেখ হাছিনাই বাংলাদেশ ত্যাগ কৰাৰ পাছৰে পৰা দেশখনত সংখ্যালঘুসকলৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি অব্যাহত আছে। মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰে সংখ্যালঘু নিৰাপত্তাৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা বুলি দাবী কৰিলেও বাস্তৱত এখন বিপৰীত ছবি দৃষ্টিগোচৰ হৈছে।

শেহতীয়া খবৰ অনুসৰি ইউনুছ চৰকাৰে বাংলাদেশত আজান আৰু নামাজৰ সময়ত হিন্দুসকলক পূজা-অর্চনা কৰাত নিষেধাজ্ঞা আৰোপ কৰিলে। আজান-নামাজৰ সময়ত হিন্দুৱে ভজন শুনা আৰু লাউড স্পীকাৰো ব্যৱহাৰ কৰিব নোৱাৰিব।

অন্তৱৰ্তী চৰকাৰৰ গৃহ বিভাগৰ উপদেষ্টা লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) মহম্মদ জাহাংগীৰ আলম চৌধৰীয়ে এই কথা আনুষ্ঠানিকভাবে ঘোষণা কৰিলে। চৌধৰীয়ে কয় যে কোনো হিন্দুৱে এই নিয়ম উলংঘন কৰিলে আৰক্ষীয়ে তেওঁক কোনো পৰোৱানা অবিহনে গ্রেপ্তাৰ কৰিব পাৰিব।

Exit mobile version