Kaliabar:
তোমাৰ উশাহ কঁহুৱা কোমল, শেৱালি কোমল হাঁহি, হাঁহিৰে হৃদয় ভৰিলে সোণাই, এটি কিবা মিঠা বাঁহী.. সুধাকণ্ঠৰ এই কালজয়ী গীতটিতে যেন লুকাই আছে সুৱাসিত শৰতত কঁহুৱা ফুলৰ মায়াময় ছন্দ। এতিয়া লুইতৰ চাপৰিত শুকুলা আবেশেবে কঁহুৱা ফুলিছে। জটিল সময়ৰ অশান্ত মনত। শান্তিৰ পৰশ বোলাই শৰতৰ লগেলগে যেন আহিনৰো বতৰা আনিছে কঁহুৱা ফুলডৰাই। শ্ৰতৰ বতৰা লৈ এতিয়া কলিয়াবৰৰ লুইতৰ চাপৰিত, কলঙৰ বাকৰিত কঁহুৱা ফুলৰ শুকুলা চাদৰৰ আচ্ছাদন। কলিয়াবৰৰ সেউজ শোভাত যেন এক নৱ পৰশ দিছে কঁহুৱা ফুলে। কঁহুৱাক লৈ অসমীয়া জনজীৱনত আছে এক আবেগ। গীতি কবিৰ কাপেৰে নিগৰিছে কঁহুৱা ফুলৰ সৌন্দৰ্যৰ বহু গীত, কবিতা, অলেখ্য শৰতৰ বতৰা লৈ কঁহুৱাই যুগে যুগে জীপাল কৰি আহিছে অসমীয়াৰ মন প্রাণ হৃদয়।
প্রয়োজন।
অৱশ্যে আজি এই ছবিখন দুর্লভ। প্রাপ্ত তথ্য অনুসৰি, কঁহুৱা বন বা খাগৰী বা বনৰীয়া কুঁহিয়াৰক বাংলাত কাশ বুলি কোৱা হয়। ই এবিধ তৃণ জাতীয় উদ্ভিদ। এই বনবিধৰ বৈজ্ঞানিক নাম ‘ছ্যাচাৰাম স্পন্টেনিয়াম’। ই ছ্যাচাৰাম গণ আৰু স্পন্টেনিয়াম প্রজাতিৰ অন্তর্ভুক্ত। অসমত কঁহুৱা নামেৰে জনাজাত এই বনবিধ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ উপৰিও দক্ষিণ আফ্রিকা আৰু হিমালয়ৰ কাষৰীয়া ঠাই নেপাল, ভুটান আদিত প্ৰচুৰ পৰিমাণে পোৱা যায়। এই বনবিধ সাধাৰণতে নদী কাষৰীয়া অঞ্চলত প্ৰচুৰ পৰিমাণে গজে। এতিয়া ই ফুলাৰ সময়। এই তৃণ জাতীয় উদ্ভিদবিধ একবীজপত্রী।
ইয়াৰ শিপা গুচ্ছ মূল জাতীয়। এই বনবিধৰ জীৱনকাল দুবছৰ। ইহঁতৰ উচ্চতা তিনি মিটাৰলৈকে হয়। নৈ পাৰৰ বালি আঁহিয়া মাটিত ইয়াৰ বিকাশ ভাল হয়। কহুৱা বনৰ বীজবোৰে পানীৰ মাধ্যমেৰে ইঠাইৰ পৰা সিঠাইলৈ যায়। কঁহুৱাৰ ফুলবোৰ বগা বৰণৰ আৰু আকাৰত দীঘলীয়া।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ অন্যতম প্রধান খাদ্য এই বহুৱা বন। গৰু, ম’হ আদিয়েও ইয়াক খাদ্য হিচাপে গ্রহণ কৰে। গাঁও অঞ্চলত এইবিধ বন ঘৰৰ চাল চোৱা কামত প্রায়ে ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ উপৰি ঠাই সাৰিবলৈ ব্যৱহাৰ কৰা শোটা আদি বনাবলৈয়ো কঁহুৱা বনৰ ব্যৱহাৰ হয়। ইয়াৰোপৰি বহুৱা বন আয়ুর্বেদিক চিকিৎসাৰ বাবেও ব্যৱহাৰ হয়। কঁহুৱাক লৈ যুগে যুগে সৃষ্টি হৈ আহিছে বিভিন্ন কাব্য চর্চা। সংস্কৃত ভাষাতো আছে বহু কাব্য সম্ভাৰ। অসমীয়া জন-জীৱনৰ দৰেই কৃষ্টিৰ আখৰাস্থলী আৰু সাহিত্যৰ পথাৰখনতো আছে বহু কবিতা, গীত।
যি সময়ে সময়ে সমাজলৈ কঢ়িয়াই আনিছে প্রশান্তিৰ বাৰ্তা। শেষত অশান্ত সময়ত শান্তিৰ ভাষা বিলোৱা গীতি কবিৰ ভাষাৰেই কঁহুৱাৰ হৈ কওঁ-কঁহুৱা বন, মোৰ অশান্ত মন, আলফুল হাতেৰে লোৱা সাৱটি।’ কঁহুৱা বনৰ ফুলৰ দৰেই শুভ্র-সুন্দৰ হওঁক আজিৰ সময়বোৰৰ লগতে সমাজখন।