Charjun Hanche handed over the responsibility of acting general secretary of the AASU: আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কাৰ্বি আংলঙৰ চৰ্জুন হাঞ্চেক হাঞ্চে আছিল আছুৰ সহ:সাধাৰণ সম্পাদক

হাঞ্চে আছিল আছুৰ সহ:সাধাৰণ সম্পাদক

icgs

Charjun Hanche handed over the responsibility of acting general secretary of the AASU:

আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কাৰ্বি আংলঙৰ চৰ্জুন হাঞ্চেক ৷ হাঞ্চে আছিল আছুৰ সহ:সাধাৰণ সম্পাদক ৷ উল্লেখ্য যে এক বিৰ্তকিত পৰিস্থিতিত শংকৰজ্যোতি বৰুৱাই সাধাৰণ সম্পাদকৰ অব্যাহতিৰ পিছত বুধবাৰে বিয়লী গুৱাহাটী বিশ্ববিদ্যালয়স্থ আছু মুখ্য কাৰ্যালয়ত উৎপল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা।

এই সভাতে পাঁচ গৰাকী সহ:সাধাৰণ সম্পাদকৰ মাজৰ পৰা কাৰ্বি আংলঙৰ চৰ্জুন হাঞ্চেক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয় ৷

স্মতৰ্ৱ্য যে আছুৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা চৰ্জুন হাঞ্চে আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱাটো একপ্ৰকাৰ নিশ্চিত আছিল আছুৰ মহলত ৷ আনহাতে শীৰ্ঘেই আছুৰ সাধাৰণ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কাৰ্যনিৰ্বাহক সভাই

Exit mobile version