State Bjp Chief Sporkperson Pressmeet:ভূপেন বৰা-দেৱব্ৰত শইকীয়াৰ সংবাদ মেল সন্দৰ্ভত বিজেপিৰ প্ৰতিক্রিয়া

সোণাপুৰ কচুতলীৰ উচ্ছেদ সন্দর্ভত খিলঞ্জীয়া জনতাৰদ্বাৰা ধীকৃত কংগ্ৰেছৰ, বিভ্রান্তি বিয়পোৱাৰ ষড়যন্ত্ৰ

bjp pressmeet

State Bjp Chief Sporkperson Pressmeet:

শেহতীয়াকৈ মুখ্যমন্ত্রী  হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ট্রাইবেল বেল্ট আৰু ব্লকসমূহ সুৰক্ষিত কৰাৰ স্বাৰ্থত গ্ৰহণ কৰা কঠোৰ পদক্ষেপে ৰাজ্যৰ জনসাধাৰণক আশ্বস্ত কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ সোণাপুৰ কচুতলীৰ জনজাতীয় আবেষ্টনীৰ সন্দেহযুক্ত বেদখলকাৰী কৱলৰ পৰা মুক্ত কৰাৰ কাৰণে চৰকাৰৰ কঠোৰ পদক্ষেপে খিলঞ্জীয়া জনতাৰ ব্যাপক সমর্থন লাভ কৰিছে।

কিন্তু সততে খিলঞ্জীয়া বিৰোধীৰ স্থিতি গ্রহণ কৰি অহা কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সৰ অন্তৰ্গত ৰাজনৈতিক দলসমূহে এই বিষয়তো কৌশলগতভাবে বিৰোধিতা কৰি সাধাৰণ ৰাইজৰদ্বাৰা ধীকৃত হ’ব লগা পৰিৱেশৰ সৃষ্টি হৈছে। এনে এক প্রেক্ষাপটতে জনতাৰ ৰোষৰ বলি হোৱা কংগ্ৰেছ দলে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভ্রান্তি বিয়পোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আজি সম্বোধন কৰা সংবাদ মেলখনো এই ষড়যন্ত্ৰৰে অংশ মাথো”- এই বক্তব্য ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱাৰ।

আজি দলৰ বশিষ্ঠস্থিত মুখ্য কার্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’ত অনুষ্ঠিত এক সংবাদ মেলত বৰুৱাই অভিযোগ কৰে যে কংগ্ৰেছ দলৰ খিলঞ্জীয়া বিৰোধী স্থিতি অসমৰ কাৰণে নতুন নহয়। ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত দুটাকৈ দশক শাসনত থকা কংগ্ৰেছ দলটোৱে চুক্তিৰ ৬ নং দফা ৰূপায়ণকে ধৰি কোনো বিষয়তে জনতাক সুৰক্ষিত কৰিব পৰা কোনো পদক্ষেপ গ্রহণ নকৰিলে। আজি যিখিনি সময়ত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত ৰাজ্য চৰকাৰে ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন আয়োগৰ পৰামৰ্শৱলী ৰূপায়ণৰ কাৰণে সময় নির্ধাৰিত পদক্ষেপ ঘোষণা কৰিছে, সেইখিনি সময়তে কংগ্রেছ দলে প্ৰকাৰন্তৰে ইয়াৰ কৌশলপূর্ণ বিৰোধিতা কৰাতো কংগ্ৰেছৰ খিলঞ্জীয়া বিৰোধীৰ চৰিত্ৰৰে প্ৰতিফলন।

উল্লেখ্য যে ইতিমধ্যে ৰাজ্য চৰকাৰে বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ ৬৭ টা পৰামৰ্শৰ ভিতৰত ৰাজ্য চৰকাৰৰ আওতাৰ ৫৭ টা পৰামৰ্শ আগন্তুক ৰঙালী বিহুৰ পূর্বে নিশ্চিত ৰূপায়ণৰ প্ৰতিশ্রুতি প্ৰদানৰ লগতে বাকী কেন্দ্ৰীয় চৰকাৰৰ আওতাৰ ১০ টা পৰামৰ্শ কেন্দ্রীয় চৰকাৰৰ সৈতে আলোচনাৰ জৰিয়তে আগবঢ়োৱাৰ বাবে সিদ্ধান্ত ঘোষণা কৰিছে। তেনে সময়ত কংগ্রেছ নেতা ভূপেন বৰা আৰু দেৱব্রত শইকীয়াই ভিত্তিহীন বক্তব্যৰে সমগ্ৰ প্ৰক্ৰিয়াটোক বাধাগ্রস্ত কৰাৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হোৱা কাৰ্যক অসমৰ ৰাইজে কোনো কাৰণতে মানি নলয় বুলি বিজেপিয়ে প্রকাশ কৰে।

আনহাতে নিজে শাসনত থকাৰ সময়ত অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আনুষ্ঠানিক জটিলতা বৃদ্ধি কৰা কংগ্ৰেছ দলে বর্তমান সময়ত জনজাতিকৰণৰ বিষয়টো কেৱল মাত্ৰ ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিব বিচৰা কাৰ্য গৰিহণাৰ যোগ্য। কংগ্ৰেছ দলক এনে প্রতিক্রিয়াশীল ষড়যন্ত্ৰৰ পৰা বিৰত থাকিবলৈ ভাৰতীয় জনতা পার্টি, অসম প্রদেশে কঠোৰভাৱে সকীয়াই দিয়ে।

Exit mobile version