Do not take your mobile phone in your hand after going to bed:শুই উঠিয়ে হাতত ম’বাইল ফোন লয় ?

mobile oo

Do not take your mobile phone in your hand after going to bed:

দিনৰ পৰা ৰাতিলৈকে সকলো সময়তে আজি-কালি বহু লোকে ম’বাইল ফোন ব্যৱহাৰ কৰে। পুৱা শুই উঠিয়ে ম’বাইল ফোন হাতত লোৱাও বহুতৰ অভ্যাস। এনে ব্যক্তিয়ে সাধাৰণতে দিনৰ সৰ্বক্ষণ ম’বাইল ফোনতে ব্যস্ত থাকে। কিন্তু চিকিৎসকৰ মতে, এই অভ্যাস অতি ক্ষতিকাৰক। বিশেষকৈ পুৱা সাৰ পায়ে ম’বাইল ফোনত চকু ৰাখিলে নানা ধৰণৰ সমস্যা হ’ব পাৰে।

পূৱা সাৰ পায়ে ম’বাইল ফোনৰ স্ক্ৰীণত চকু ৰাখিলে ইয়াৰ প্ৰভাৱ মস্তিষ্কত পৰে। ইয়াৰ ফলত মস্তিষ্কত স্ট্রেছ হৰম’ন অধিক উৎপদন হ’ব পাৰে। এই কাৰণত পুৱাতে বৃদ্ধি পাব পাৰে দুঃশ্চিন্তা। এনে পৰিস্থিতিত আপুনি সমগ্র দিন ষ্ট্ৰেছৰ মাজত অতিবাহিত কৰিব লাগিব।

বিশেষজ্ঞৰ মতে, পুৱা শুই উঠি ম’বাইল ফোনত চকু ৰাখিলে প্ৰচুৰ পৰিমাণত মেলাট ‘নিন নির্গত হয়। ইয়াৰ পাছত সমগ্র দিন ম’বাইল ফোন ব্যৱহাৰ কৰিলে এই হৰম’ন আৰু অধিক পৰিমাণত নির্গত হয়। শৰীৰত মেলাট ‘নিন অধিক হ’লে নিদ্রা হ্রাস পায়। সেয়েহে শান্তিৰে নিদ্রা গ্ৰহণ কৰিব বিচাৰিলে পুৱাতে ম’বাইল ফোন ব্যৱহাৰ সীমিত কৰক।

ম’বাইল ফোনৰ পৰা নীলা ৰঙৰ এক ৰশ্মি নির্গত হয় আৰু এই ৰশ্মিয়ে চকুত চাপ বৃদ্ধি কৰে। বিশেষকে পুৱা সাৰ পোৱাৰ পাছতে যদি ম’বাইল ফোনত চকু ৰাখি সময় অতিবাহিত কৰে, তেন্তে এই নীলা ৰশ্মিয়ে চকুত চাপ বৃদ্ধি কৰাৰ শংকা বৃদ্ধি পায়। বিশেষজ্ঞৰ মতে, দৈনিক একৰ পৰা দুঘণ্টা ম’বাইল ফোনত ভিডিঅ’, সামাজিক মাধ্যম আদি ব্যৱহাৰ কৰিব পাৰিব যদিও ইয়াতকৈ অধিক সময় ম’বাইল ফোন ব্যৱহাৰ কৰা ক্ষতিকাৰক। ম’বাইল ফোনত ভিডিঅ’ আদি চালে যিহেতু নিচেই ওচৰৰ পৰা চোৱা হয়, ফলত ম’বাইলৰ পৰা নিৰ্গত ৰশ্মিয়ে চকুৰ ক্ষতি কৰাৰ শংকা বাঢ়ে।

Exit mobile version