KSU STOPS PUJA AT NEIGRIHMS HOSPITAL IN SHILLONG:নেইগ্রিমছ’ত চলি থকা পূজা বন্ধ কৰি দিলে খাচী ছাত্র সন্থাই

হাস্পতাল দেখাত হাস্পতালৰ দৰে হ'ব লাগিব বুলি সকীয়ালে

shillong

KSU STOPS PUJA AT NEIGRIHMS HOSPITAL IN SHILLONG:

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলংস্থিত উত্তৰ-পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিৎসা প্রতিষ্ঠান (নেইগ্রিমছ)ত চলি থকা এক পূজাৰ অনুষ্ঠান খাচী ছাত্র সন্থাই আধাতে বন্ধ কৰি দিয়াৰ তথ্য পোহৰলৈ আহিছে।

ইণ্টাৰনেটত ভাইৰেল হোৱা নেইগ্রিমছ’ত চলি থকা পূজা বন্ধ কৰি এটা ভিডিঅ’ত দেখিবলৈ পোৱা মতে, খাচী ছাত্র সন্থাৰ এটা দল স্বাস্থ্য প্রতিষ্ঠানখনত উপস্থিত হৈ চলি থকা পূজা বন্ধ কৰিবলৈ কর্তৃপক্ষক সকীয়াই দিয়ে।

সন্থাৰ দলটোৰ স’তে প্রতিষ্ঠানখনৰ এজন অধ্যাপক মুখামুখি হয়। অধ্যাপকজনক উদ্দেশি পূজা বন্ধ কৰিবলৈ তাগিদা দি খাচী ছাত্ৰ সন্থাৰ এজন নেতাই কয়, ‘হাস্পতাল দেখিবলৈ হাস্পতালৰ দৰে হ’ব লাগে। এতিয়া ইয়াত পূজা চলিছে। সকলো ধর্মৰ লোকে যদি নিজৰ নিজৰ ধৰ্মীয় অনুষ্ঠান ইয়াত পাতিবলৈ আহে, তেতিয়া কি হ’ব? ইয়ে হৈছে পূজা বন্ধ কৰিবলৈ কোৱা একমাত্র কাৰণ।

আপোনালোকে এতিয়াই পূজা বন্ধ কৰক। তৎক্ষণাতে পুজা বন্ধ কৰক।’ এনে অনুষ্ঠান প্রতিষ্ঠানখনত নচলিব বুলিও খাচী ছাত্র সন্থাই সকীয়াই দিয়ে। অৱশ্যে সন্থাৰ দলটোৱে নেইগ্রিমছৰ সঞ্চালক অথবা উপ-সঞ্চালকৰ সাক্ষাৎ পালেনে নাই সেয়া স্পষ্ট হোৱা নাই। উল্লেখ্য যে মেঘালয়ৰ অধিকাংশ লোকেই খ্রীষ্ট্রান ধর্মাৱলম্বী লোক।

Exit mobile version