Orunodoi 3.0 launched at Loksewa Bhawan:লোকসেৱা ভৱনত অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নতুনকৈ আবেদন কৰিব লাগিব বৰ্তমানৰ হিতাধিকাৰীসকলেও :মুখ্যমন্ত্ৰী

arnody 1

Arunodoi 3.0 launched at Loksewa Bhawan:

বৃহস্পতিবাৰে জনতা ভৱনৰ লোকসেৱা ভৱনত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যজুৰি অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভণি কৰে। মহিলা সবলীকৰণৰ ক্ষেত্ৰত অৰুণোদয় ৩.০ অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আগবাঢ়িছে। ২০২০-২১ বৰ্ষত আৰম্ভ হোৱা এই আঁচনিখনে ইতিমধ্যে ২৪.৬০ লাখতকৈ অধিক দৰিদ্ৰ লোকৰ জীৱন সলনি কৰিবলৈ সক্ষম হৈছে। মহিলা সবলীকৰণৰ লগতে, অৰুণোদয় ৩.০ অসম চৰকাৰৰ দায়বদ্ধতাৰ প্ৰতীক বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত উল্লেখ কৰে ৷

মুখ্যমন্ত্ৰীয়ে আৰু কয় ,অৰুণোদয় আঁচনি সবাতোকৈ শক্তিশালী আঁচনি। ১৮ খন আঁচনিৰ অন্যতম অৰুণোদয় আঁচনি। প্ৰতিটো সমষ্টিত সংযোজন হ’ব ১০ হাজাৰকৈ হিতাধিকাৰী। ২৪.৬০ লাখ লোকক প্ৰদান কৰি আছো অৰুণোদয় আঁচনি। ৩৭.২ লাখলৈ বৃদ্ধি পাব হিতাধিকাৰীৰ সংখ্যা। পিএমৰ জন ধন একাউণ্টেৰে লাভ কৰে এই ধনৰাশি। প্ৰথমে এই ধনৰাশিৰ পৰিমাণ আছিল ৮৩০ টকা। ক’ভিডৰ সময়ত ১৭০ টকা বৃদ্ধি কৰা হ’ল ধনৰাশি। বৰ্তমান আৰু ২৫০ টকা বৃদ্ধি কৰা হ’ল এই ধনৰাশি। বৰ্তমান হিতাধিকাৰীয়ে লাভ কৰিব ১,২৫০ টকা।”

স্মতৰ্ৱ্য যে,এইবাৰ ‘অৰুণোদয় ৩.০’ আঁচনিৰ বাবে প্ৰায় ১০ লাখ লোকৰ আবেদন গ্ৰহণ কৰিছে চৰকাৰে ৷ নতুনকৈ ১২.৬০ লাখ পৰিয়ালে পাব এই আঁচনিৰ ধন। মনকৰিবলগীয়া যে পূৰ্বৰ অৰুণোদয়ৰ হিতাধিকাৰীয়ে পুনৰ আবেদন কৰিব লাগিব আৰু তেওঁলোকৰ থাকিব লাগিব ৰেচন কাৰ্ড। একেদৰে থাকিব নালাগিব চৰকাৰী চাকৰি বা গাড়ী ৷ আনহাতে,সাংসদ, বিধায়ক, মুখ্য কার্যবাহী সদস্য, কার্যবাহী সদস্য, প্রাক্তন সাংসদ, প্রাক্তন বিধায়ক, প্রাক্তন মুখ্য কার্যবাহী সদস্য, প্রাক্তন কার্যবাহী সদস্যৰ পৰিয়াল,পঞ্চায়তীৰাজ প্রতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ/ষষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্রাম্য পৰিষদ উন্নয়ন সমিতি (ভি চি ডি চি) ৰ বৰ্তমানৰ সদস্যৰ পৰিয়াল,চিকিৎসক, অভিযন্তা, স্থাপত্যবিদ, চার্টার্ড একাউন্টেন্ট, বেংক বিষয়া, উকীলৰ পৰিয়াল,বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্রাথমিক আৰু নিম্ন প্রাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰিয়াল , অংগনৱাড়ী কর্মী, মধ্যাহ্ন ভোজন কর্মী, আশাকর্মী, আশা তত্ত্বাবধায়ক তথা গাঁও প্রধানকে সামৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াল, আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু যোগনিয়াৰ, ৰিয়েল ইষ্টেট বিল্ডাৰ, উদ্যোগপতি, ব্যৱসায়ৰ অনুজ্ঞা-পত্ৰপ্ৰাপ্ত ব্যক্তিৰ পৰিয়াল,আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী-উদ্যোগী, দোকানী, বেপাৰীৰ পৰিয়াল,ভূমিৰ অধিকাৰী পৰিয়াল,চাৰিচকীয়া মটৰ -বাহন থকা পৰিয়াল,অৰুণোদয় প্লাছ অথবা তেনে ধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় ৩.০ৰ ধনৰাশিৰ সমপৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়াল, ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩’ৰ অধীনত অসম খাদ্য সুৰক্ষা বিধিৰ দ্বাৰা নিৰ্ধাৰিত আয়তকৈ অধিক আয় থকা পৰিয়াল থাকে তেনে হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা নাপাব বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে ৷

এইবাৰ ৩২.৭ লাখ নতুন হিতাধিকাৰীয়ে লাভ কৰিব ‘অৰুণোদয় ৩.০’ আঁচনিৰ ধন। যোগ্য মহিলাই নতুনকৈ কৰিব পাৰিব আবেদন। বিধৱা, অবিবাহিতা (৪৫ বছৰ বয়সৰ উৰ্দ্ধৰ), বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলা,লিংগ নির্বিশেষে দিব্যাংগ ব্যক্তি ,চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্রমত থকা মহিলা তথা বৃদ্ধা/ৰুগীয়া মহিলা ,পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী বৃদ্ধ (৬০ বছৰৰ উৰ্দ্ধৰ) অথবা দিব্যাংগ হ’লে, তেনে ঘৰৰ মহিলা ,এইচ আই ভি/থেলাচেমিয়া/হিম’ ফিলিয়া/চেৰিৱেল পালচি/কুষ্ঠ/অটিজম স্পেকট্রাম বিকাৰত আক্রান্ত ৰোগী থকা পৰিয়ালৰ মহিলা ,আশ্রয়হীন পৰিয়ালৰ মহিলা, ভিক্ষাৰে জীৱননিৰ্বাহ কৰা মহিলা,অন্ত্যোদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰ আৰু মুঠ বার্ষিক উপার্জন ২ লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ মহিলায়ো আবেদন কৰিব পাৰিব।

উল্লেখ্য যে এই সংবাদমেলতে ১৯ লাখতকৈ অধিক নতুন হিতাধিকাৰীক খাদ্য সুৰক্ষা আইনৰ অধীনত নতুন ৰেচন কাৰ্ড প্ৰদানৰ কাৰ্যসূচীৰো শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সংবাদমেলত বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগ, মুখ্য সচিব ৰবি কোটা উপস্থিত থাকে  ৷

Exit mobile version