Delhi New Cm Atishi Oath Ceremony:দিল্লীৰ মুখ্যমন্ত্রী হিচাপে শপত ল’লে আতিশী মার্লেনাই

ৰাজ নিৱাসত বিয়লি ৪.৩০ বজাত শপত গ্রহণ পাঠ কৰাই উপ- ৰাজ্যপাল ভি কে চাক্সেনাই, শপত ল'য় ৫ গৰাকী মন্ত্ৰীয়ে

atishi oath 1

Delhi New Cm Atishi Oath Ceremony:

আম আদমি পাৰ্টিৰ নেত্ৰী আতিশীয়ে শনিবাৰে বিয়লী ৰাজ নিৱাসত দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। সুষমা স্বৰাজ আৰু শীলা দীক্ষিতৰ পিছতে কেন্দ্ৰীয় শাসিত ৰাজ্য দিল্লীৰ তৃতীয় গৰাকী মহিলা মুখ্যমন্ত্ৰী হৈছে আতিশী।

আতিশীৰ স’তে আন পাঁচজন বিধায়কেও কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মন্ত্ৰী কেই গৰাকী হ’ল আপৰ জ্যেষ্ঠ নেতা গোপাল ৰায়, কৈলাশ গহলট, সৌৰভ ভৰদ্বাজ, ইমৰাণ হুছেইন আৰু মুকেশ আহলাৱত।

উল্লেখ্য যে,আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ১৭ ছেপ্টেম্বৰত দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল । দিল্লীৰ আবকাৰী নীতিৰ ‘কেলেংকাৰী’ গোচৰৰ স’তে জড়িত থকাৰ অভিযোগত তিহাৰ জেলত বন্দী হৈ আছিল ৷ অৱশ্যে ছমাহ দিন কাৰাৰুদ্ধ হৈ থকাৰ অন্তত অৱশেষত উচ্চতম ন্যায়ালয়ে জামিনত মুকলি কৰি দিয়াৰ কিছুদিন পিছতে তেওঁ পদৰ পৰা পদত্যাগ কৰিছিল।

পদত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰি কেজৰিৱালে কয় যে বিধানসভা নিৰ্বাচনত দিল্লীৰ জনসাধাৰণৰ পৰা “সততাৰ প্ৰমাণ পত্ৰ” লাভ কৰাৰ পিছতহে তেওঁ এই পদলৈ ঘূৰি আহিব। লগতে দিল্লীত আগতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছিল যদিও দিল্লী বিধানসভা আগতীয়াকৈ ভংগ কৰিবলৈ বিচৰা নাছিল।

অহা বছৰৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব দিল্লী বিধানসভা নিৰ্বাচন। ইফালে, চুবুৰীয়া ৰাজ্য হাৰিয়ানাত আগন্তুক নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে আপ।

Exit mobile version