Which is the most educated country in the world?বিশ্বৰ সবাতোকৈ শিক্ষিত দেশ কোনখন ?

তালিকাত ভাৰতৰ স্থান কিমান ?

univercity

Which is the most educated country in the world?

বহুতে ধাৰণা কৰে যে বিশ্বৰ সবাতোকৈ শিক্ষিত দেশৰ তালিকাত শীৰ্ষত আছে আমেৰিকা বা ইংলেণ্ড। হয়, এই দুই দেশৰ বাসিন্দা স্বাভাৱিকতে যথেষ্ট শিক্ষা-দীক্ষাত আগবঢ়া। কিন্তু এই দুই দেশকো শিক্ষাৰ ক্ষেত্রত পিছ পেলালে বিশ্বৰ আন কে’বাখনো দেশে। অর্গেনাইজেচন ফ’ৰ ইক’নমিক ক’অপাৰেচন এণ্ড ডেভেলপমেন্টৰ দ্বাৰা প্রকাশিত শিক্ষা বিষয়ক এক প্রতিবেদনত উল্লেখ কৰা অনুসৰি বিশ্বৰ সবাতোকৈ শিক্ষিত দেশখন হৈছে কানাডা। কানাডাৰ জনসংখ্যাৰ ৫৯.১৬ শতাংশ নাগৰিক হৈছে শিক্ষিত।

আনহাতে, বিশ্বৰ সবাতোকৈ শিক্ষিত দেশৰ এই তালিকাত দ্বিতীয় স্থানত আছে জাপান। জাপানৰ মুঠ জনসংখ্যাৰ ৫২.৬৮ শতাংশ লোক শিক্ষিত। শিক্ষা বিষয়ক প্রতিবেদনত বিশ্বৰ সবাতোকৈ শিক্ষিত দেশ হিচাপে তৃতীয় স্থানত আছে লুক্সেমবার্গ। আনহাতে, এই তালিকাত আমেৰিকাৰ স্থান ষষ্ঠ আৰু ব্রিটেইনৰ স্থান অষ্টম। আনকি শিক্ষা আহৰণৰ ক্ষেত্ৰত দৌৰত আমেৰিকাকো পিছ পেলালে দক্ষিণ কোৰিয়াই।

কিয়নো, বিশ্বই শিক্ষিত দেশৰ তালিকাত চতুর্থ স্থানত আছে দক্ষিণ কোৰিয়া। আনহাতে, তলিকাখনত ইজৰাইলৰ স্থান হৈহে পঞ্চম। একেদৰে ব্রিটেইনতকৈ আগত অষ্টম স্থান দখল কৰিলে আয়াৰলেণ্ডে। শুনিবলৈ ভাল নালাগিলেও পৃথিৱীৰ সবাতোকৈ শিক্ষিত ১০ খন দেশৰ তালিকাত স্থান লাভ নকৰিলে ভাৰতে ৷

ভাৰতৰ শিক্ষিত হাৰ কিমান আপোনাৰ জ্ঞাত নে? অ’ইচিডিৰ প্রতিবেদন অনুসৰি ভাৰতৰ জনসংখ্যাৰ মাত্র ২০৪ শতাংশ নাগৰিকেহে কলেজ-বিশ্ববিদ্যালয় বা আন বৃত্তিমূলক পাঠ্যক্রমত নামভর্তি কৰি ডিগ্রী, ডিপ্লোমা অর্জন কৰিব পাৰে। বিগত কে’বাবছৰ ধৰি নেচনেল স্টেটিস্কিকেল-এ শিক্ষাৰ সন্দৰ্ভত প্রস্তুত কৰি অহা প্রতিবেদনত উল্লেখ কৰা অনুসৰি ভাৰতৰ সাতখন ৰাজ্যৰ শিক্ষাৰ হাৰ অতি শোচনীয়। দেশৰ শিক্ষিত ৰাজ্যৰ তালিকাত প্রথম স্থানত আছে কেৰালা। কেবল ভাৰততে নহয়, আপুনি জানি অবাক হ’ব যে সমগ্র পৃথিৱীৰ মুঠ জনসংখ্যাৰ মাত্র ৩৯ শতাংশ লোকেহে কোনো বিশ্ববিদ্যালয় বা কলেজত শিক্ষা গ্রহণ কৰে।

Exit mobile version