50 US companies to close business in China:আমেৰিকাৰ ৫০ কোম্পানীয়ে চীনত বন্ধ কৰিব ব্যৱসায় ১৫ কোম্পানীয়ে বিনিয়োগ কৰিব ভাৰতত

চীনৰ পৰিৱৰ্তে বিনিয়োগৰ বাবে ভাৰতক অগ্রাধিকাৰ আমেৰিকাৰ বহু কোম্পানীৰ

usa

50 US companies to close business in China:

চীন আৰু আমেৰিকাৰ মাজত সংঘাত বৃদ্ধি আৰু চীনৰ পৰিৱৰ্তিত বাণিজ্যিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৫০ টা আমেৰিকাৰ কোম্পানীয়ে চীনত ব্যৱসায় বন্ধ কৰাৰ সিদ্ধান্ত ল’লে। আমেৰিকাৰ এই কোম্পানীসমূহৰ চীনত বিনিয়োগৰ পৰিমাণ আছিল প্রায় ১২ লাখ কোটি টকা। এইসমূহ কোম্পানীৰ ১৫ টাই চীনত ব্যৱসায় বন্ধ কৰি ভাৰতত বিনিয়োগৰ পৰিকল্পনা গ্রহণ কৰিছে। আমেৰিকান চেম্বাৰ অব কমার্চ (এচিচিকে)-এ শেহতীয়া এক প্রতিবেদনত এই তথ্য সদৰী কৰিলে।

উক্ত প্রতিবেদনত ৩০৬ মার্কিন কোম্পানীৰ বিদেশী বিনিয়োগৰ প্ৰসংগত তথ্যপাতি উল্লেখ কৰা হৈছে। আমেৰিকাৰ বহু কোম্পানীয়ে সম্প্রতি চীনৰ পৰিৱৰ্তে বিনিয়োগৰ বাবে ভাৰতক অগ্ৰাধিকাৰ দিয়া বুলিও এই প্রতিবেদনত উল্লেখ কৰা হৈছে। যোৱা বছৰত মার্কিন কোম্পানীসমূহে বিনিয়োগৰ ক্ষেত্ৰত ভাৰতত পঞ্চম স্থান দিছিল। কিন্তু চলিত বর্ষত মার্কিন বিনিয়োগ লাভৰ ক্ষেত্ৰত ভাৰতে দ্বিতীয় স্থান লাভ কৰিছে।

দক্ষিণ- পূব এছিয়াৰ দেশ ইণ্ডোনেছিয়া, ছিংগাপুৰ আৰু মালয়েছিয়াতো মার্কিন কোম্পানীয়ে বিনিয়োগত অগ্ৰাধিকাৰ দিছে। যোৱা বছৰৰ তুলনাত ৪০ শতাংশ মার্কিন কোম্পানীয়ে, যিসমূহ কোম্পানীয়ে পূর্বে চীনত বিনিয়োগ কৰিছিল, তেওঁলোকে সম্প্রতি ভাৰতত বিনিয়োগৰ বাবে আগ্রহ প্রকাশ কৰিছে।

বিশেষকৈ মেনেজমেন্ট কনছালটিং খণ্ডত ৫৪ শতাংশ মার্কিন কোম্পানীয়ে বিনিয়োগ নীতি সলনি কৰি ভাৰতক অগ্ৰাধিকাৰ দিছে। একে সময়তে আমেৰিকাৰ বস্ত্ৰ আৰু আন উৎপাদন খণ্ডৰ কোম্পানীয়েও ভাৰতত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে।

Exit mobile version