BJP leader Asim Das has been arrested for looting crores of rupees:কোটি কোটি টকা লুণ্ঠন কৰি আৰক্ষীৰ জালত পৰিল বিজেপি নেতা অসীম দাস

অসীম দাস বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক, ভুৱা ৱক অৰ্ডাৰেৰে চৰকাৰী ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপি নেতাজন, একেই অভিযোগত গ্ৰেপ্তাৰ ক্ষুদ্ৰ সঞ্চয় সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰচাৰ বিষয়া বিৰিঞ্চি বৰকটকীক বৰকটকী

ashim das

BJP leader Asim Das has been arrested for looting crores of rupees:

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা ড:হিমন্ত বিশ্ব চৰকাৰৰ আমোলত একাংশ বিজেপি নেতা- পালিনেতাই চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ সময়ে সময়ে উদ্থাপিত হৈ থকাৰ মাজতে খোদ জনতা ভৱনত মন্ত্ৰীৰ বিভাগীয় কাৰ্যালয়ত খোপনি পুতি কে’বা কোটি টকা উদৰস্থ কৰাৰ পাং পাতি অৱশেষত আৰক্ষীৰ অপৰাধ শাখাৰ জালত পৰে এজন বিজেপি নেতা ৷

উদ্থাপিত অভিযোগ অনুসৰি ৰাজ্যিক বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ দায়িত্বত থকা অসীম দাসে ৰজাঘৰৰ আশীৰ্বাদপুস্থ হোৱাৰ অচিলা লৈ অসম সচিবালয়ৰ পৰা এক বিয়াগোম কেলেংকাৰী সংঘটিত কৰে ৷ ভুৱা ৱৰ্ক অৰ্ডাৰ উলিয়াই কোটি কোটি টকা লুন্ঠনৰ কৰিছিল অসীম দাসে। আনকি নিজকে বিভাগীয় মন্ত্ৰীৰ পি এ বুলিও বিভিন্নজনক পৰিচয় দি প্ৰৱঞ্চনা কৰাৰ অভিযোগ উদ্থাপিত হৈছিল।

ইতিমধ্যে অসম আৰক্ষীৰ ক্ৰাইম বাঞ্চে দাসক গ্ৰেপ্তাৰ কৰাৰ লগতে একেই অভিযোগত গ্ৰেপ্তাৰ কৰে ক্ষুদ্র সঞ্চয় সঞ্চালকালয়ৰ অৱসৰপ্রাপ্ত প্রচাৰ বিষয়া বিৰিঞ্চি বৰকটকীক ৷ উল্লেখ্য যে এই একেই অভিযোগত আটক হৈছে আন কে’বাজনকো ৷

স্মতৰ্ৱ্য যে মটক স্বায়ত্ত্ব শাসিত পৰিষদত ভুৱা ৱৰ্ক অৰ্ডাৰ উলিয়াই কোটি কোটি টকা লুণ্ঠনৰ অভিযোগত আটক কৰা অসীম দাস আৰু বিৰিঞ্চি বৰকটকীক আজি আদালতত হাজিৰ কৰিব ক্ৰাইম বাঞ্চে ৷

Exit mobile version