Limit on alcohol consumption?সুৰাপানৰ নিদিষ্ট সীমা আছেনে ?

red wine

Limit on alcohol consumption?

নিতৌ অথবা নিয়মীয়াভাৱে সুৰাপান কৰাসকলে বিভিন্ন যুক্তি দি সুৰাপানৰ অভ্যাস অব্যাহত ৰাখে। বহুতেই কয় যে কিছু পৰিমাণৰ সুৰাপান দেহ অথবা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নহয়, বৰঞ্চ এক নির্দিষ্ট পৰিমাণৰ তথা কম পৰিমাণত নিয়মীয়াভাবে সুৰাপান কৰাটো স্বাস্থ্যৰ পক্ষে ভাল। বিশেষুকৈ ৰেড ৱাইনৰ ক্ষেত্ৰত এনে ধৰণৰ যুক্তি দিয়া হয়। বহুতে বিশ্বাস কৰে যে ওজন হ্রাস পালে অথবা হেৰুওৱা ওজন ঘূৰাই আনিবলৈ হ’লে নিয়মিতভাবে কিছু পৰিমাণৰ ৰেড ৱাইন গ্রহণ কৰা উচিত।

কিন্তু এই কথা মনত ৰখা ভাল যে সুৰাপানে স্বাস্থ্যৰ উপকাৰ সাধন কৰে বুলি কোনো পৰীক্ষা-নিৰীক্ষাত প্রমাণ হোৱা নাই। ‘লাঞ্চেট” শীর্ষক স্বাস্থ্য আলোচনীখনৰ শেহতীয়া খণ্ডত প্রকাশিত এক প্রতিবেদন অনুসৰি প্রকৃততে সুৰাপানৰ কোনো সুৰক্ষিত সীমা নাই, অর্থাৎ সুৰাপানে স্বাস্থ্যৰ উপকাৰ সাধন কৰে বুলি কোনেও নিশ্চিতি দিব নোৱাৰে। বৰঞ্চ সুৰাপানে দেহৰ প্রতি বিপদহে কঢ়িয়াই আনে বুলি উক্ত প্রতিবেদনত প্রকাশ পাইছে।

বিশ্বৰ ১৯৫ খন দেশৰ সুৰাপানৰ ফলত ৰোগাক্রান্ত হোৱা লোকৰ স্বাস্থ্যৰ বুজ লৈ একাংশ চিকিৎসক-গৱেষকে উক্ত প্রতিবেদন প্রকাশ কৰিছে। এই উদ্দেশ্যে তেওঁলোকে কমেও সাতশ স্বাস্থ্য প্রতিবেদন জুকিয়াই চায়। মূৰকত তেওঁলোক এই সিদ্ধান্তত উপনীত হয় যে সুৰাপানে কোনোপধ্যেই দেহ অথবা স্বাস্থ্যৰ উপকাৰ সাধন কৰিব নোৱাৰে। লাখ লাখ লোকক জড়িত কৰি এই অধ্যয়ন সম্পন্ন কৰা হয়।

এনে অধ্যয়ন চলোৱাৰ মূল কাৰণ হৈছে বর্তমানে সুৰাপান জটিল আৰু বৃহৎ সামাজিক সমস্যাৰূপে থিয় দিয়াটো। সকলোৰে অৱগত যে মাত্রাধিকভাৱে নিতৌ সুৰাপান কৰিলে এজন ব্যক্তিৰ যকৃত নষ্ট হোৱা, উচ্চ ৰক্তচাপ বৃদ্ধি, মানসিক স্বাস্থ্যৰ সমস্যা আৰু স্মৃতিশক্তি নাশৰ সমস্যাই দেখা দিয়ে। তদুপৰি সুৰাপানে আর্থ-সামাজিক সমস্যাৰো সৃষ্টি কৰে । শেহতীয়া অধ্যয়ন-গবেষণা অনুসৰি নিয়মিতভাবে মাথোঁ এপেগ মদ সেৱন কৰিলেই স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। ইয়াৰ বিপৰীতে সুৰাপান নকৰিলে স্বাস্থ্য হানিৰ আশংকা নাথাকে। পৰীক্ষা- নিৰীক্ষাত দেখা গৈছে যে কৰ্কটৰ দৰে ৰোগত আক্রান্ত হোৱাৰ আশংকা অ-সুৰাপায়ীৰ তুলনাত ০.০৫ শতাংশ বৃদ্ধি পায়।

➡️ সুৰাপানৰ ফলত হোৱা ৰোগ:

এনিমিয়া: প্ৰচুৰ পৰিমাণত সুৰাপান কৰিলে তেজৰ ৰক্তলোহিত কণিকাই কঢ়িয়াই নিয়া অক্সিজেনব
পৰিমাণ হ্রাস পায়। ফলত এনিমিয়া অথবা ৰক্তহীনতাৰ সৃষ্টিৰ আশংকা থাকে।

কর্কট: নিয়মিতভাৱে সুৰাপান কৰিলে কর্কটত আক্রান্ত হোৱাৰ আশংকা প্রবল হয়। বিশেষকৈ যকৃত, স্তন, মুখ, ফেবিনক্স আৰু ইছ’ফেগাছৰ কৰ্কটৰ আশংকা প্ৰবল হৈ উঠে।

হৃদপেশীৰ ৰোগঃ নিয়মিত সুৰাপানে হৃদযন্ত্র অথবা হৃদপেশী ৰুগীয় কৰি তোলে। সুৰাপানৰ ফলত ৰক্তকেশিকাত তেজ গোট মাৰিব পাৰে। চিৰ’ছিছ: সুৰা অথবা এলক হলে যকৃতৰ কোষসমূহ বিষাক্ত কৰি তোলে। আনকি নিয়মিত সুৰাপানৰ ফলত যকৃতৰ চিৰ’ছিছৰ আশংকা থাকে।

ডিমেনছিয়া: নিয়মিত সুৰাপানৰ ফলত স্মৃতিনাশ অথবা ডিমেনছিয়াত আক্রান্তৰ আশংকা বৃদ্ধি পায়। হতাশা-অবসাদ: নিয়মিতভাৱে সুৰাপান কৰিলে হতাশা-অবসাদজনিত ৰোগত আক্রান্ত হোৱাৰ আশংকা থাকে।

শিৰামুৰী ধৰা: নিয়মিত সুৰাপানে মৃগী ৰোগ সৃষ্টি কৰিব পাৰে। অর্থাৎ এজন ব্যক্তি যিকোনো সময়তে শিৰামুৰী ধৰা ৰোগত আক্রান্ত হ’ব পাৰে। উচ্চ ৰক্তচাপ: সুৰাপানৰ ফলত উচ্চ চাপত আক্রান্তৰ আশংকা বৃদ্ধি পায়। সুৰা অথবা এলক ‘হলে ছিস্পেথেটিক নার্ভাছ ছিষ্টেমত বিৰূপ প্রভাৱ পেলায়।

অগ্নাশয়ৰ ৰোগঃ নিয়মিত সুৰাপানৰ ফলত পেনক্রিয়াইটাইটিছ অথবা অগ্নাশয়ৰ ৰোগত আক্ৰান্তৰ আশংকা বৃদ্ধি পায়। এই ৰোগত আক্রান্ত হ’লে অগ্নাশয়ৰ প্রদাহ অনুভৱ হয়। ইয়াৰ ফলত তলপেটত বিষৰ উৎপত্তি হয় আৰু ডায়েৰিয়াৰ সমস্যাৰ সৃষ্টি হয় ৷

Exit mobile version