State BJP is in talks with the 16th Finance Commission:ষষ্ঠদশ বিত্তীয় আয়োগৰ সৈতে আলোচনাত মিলিত ৰাজ্যিক বিজেপি

BJP DELEGATE scaled

State BJP is in talks with the 16th Finance Commission:

ভাৰতীয় জনতা পার্টি অসম প্রদেশৰ এক সজাঁতি দলে আজি গুৱাহাটীৰ তাজ ভিভান্টাত ষষ্ঠদশ বিত্ত আয়োগৰ সৈতে এক বিশেষ আলোচনাত মিলিত হয়।

উক্ত আলোচনাত ভাৰতীয় জনতা পাৰ্টিৰ হৈ বিত্ত মন্ত্ৰী অজন্তা নেওগ, উপ -সভানেত্ৰী ৰেখাৰাণী দাস বড়ো, উপ -সভাপতি অশোক ভট্টৰায়, জ্যেষ্ঠ মুখপাত্র তথা অসম বিত্তীয় নিগমৰ অধ্যক্ষ ৰূপম গোস্বামী, দলৰ অৰ্থনৈতিক কোষৰ আহ্বায়ক তথা এ পি জি চি এলৰ অধ্যক্ষ ড: দেৱজিৎ মহন্ত, নির্বাচনী কোষৰ আহ্বায়ক ধ্রুবজ্যোতি ডাউকা উপস্থিত থাকে। উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ দলটোৱে আলোচনাত মিলিত হোৱাৰ লগতে এখন স্মাৰক পত্রও প্রদান কৰে।

Exit mobile version