Assembly Speaker Biswajit Daimary:বিধানসভাক বজাৰত পৰিণত কৰিছে কোনে ?

অধ্যক্ষৰ ক্ষমতাৰে দৈমাৰীয়ে মন মর্জিত চলাইছে বিধানসভাৰ সচিবালয়, পুঁজিৰ অপব্যৱহাৰত সচিবালয়ৰ বহুতে ভুগিছে আত্মগ্লানিত, কেলেংকাৰিৰ বিতৰ্কত সাঙোৰ খাইছে পবিত্ৰ ক্ষেত্ৰ

daimari

Assembly Speaker Biswajit Daimary:

অসম বিধানসভাৰ দৰে পবিত্র ক্ষেত্ৰক কলুষিত কৰিছে কোনে? অনিয়ম- কেলেংকাৰিক লৈ উপর্যুপৰি বিতৰ্কত সাঙোৰ খাই আহিছে অসম বিধানসভা। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কৰ্মকাণ্ডৰ বাবেই তেনে বিতর্কই লগ নেৰা হৈছে বুলি সচিবালয়ৰ ভিতৰচ’ৰাতে তুমুল চর্চা চলিছে।

নিজৰ মন মর্জিত বিধানসভা সচিবালয়ক পৰিচালনা কৰে দৈমাৰীয়ে। যাৰ ফলত বহুসময়ত বদনামী হৈছে সমগ্র বিধানসভাই। পুঁজিৰ অপব্যয় এক মুকলি বিষয় হৈ পৰিছে। বিধানসভা চৌহদক নতুন ৰূপ দিয়াৰ নামত তথাকথিত ইলাহী পৰিৱেশ গঢ় দিয়া দৈমাৰীয়ে যি গতিত পুঁজিৰ অপব্যৱহাৰ কৰি আহিছে, তাকে দেখি বিধানসভা সচিবালয়ৰ বহুতেই এতিয়া আত্মগ্লানিত ভুগিছে।

চর্চা অনুসৰি এই ক্ষেত্ৰত অধ্যক্ষৰ সংগী হৈছে নির্দিষ্ট কেইজনমান বিষয়া। বিধানসভাক লুটি-পুতি খোৱাৰ ক্ষেত্ৰত মুঠেই কার্পণ্য কৰিব নিবিচাৰে এইসকল বিষয়াই। বিধানসভা সচিবালয়ত এতিয়া মানুহেই মানুহ। সচিবালয়ৰ উচ্চস্তৰীয় সূত্রই সদৰী কৰা অনুসৰি, নিয়মীয়া কৰ্মচাৰীতকৈ ঠিকাভিত্তিক কৰ্মচাৰীৰ সংখ্যা এতিয়া মুঠেই কম নহয়। বিভিন্ন শিতানত ডেৰশৰো অধিক এনে কৰ্মচাৰী দৈমাৰীৰ আমোলত নিয়োগ কৰা হৈছে। তেওঁলোকে ন্যূনতম ২০ হেজাৰ টকাকৈ মাহিলি দৰমহা লাভ কৰে। অথচ তাৰে অধিকাংশ কৰ্মচাৰীয়ে কি কাম কৰে, বিধানসভাৰ বিষয়াসকলেই নাজানে।

অভিযোগ অনুসৰি এনে বৃহৎ সংখ্যক কৰ্মচাৰী নিয়োগৰ ক্ষেত্ৰত কোনো নীতি-নিয়ম পালন কৰা হোৱা নাই। বিভিন্ন সংযোগৰে ওচৰ চপাসকলক য’ত যিদৰে সুবিধা হৈছে, তাতে সংস্থাপিত কৰা হৈছে। সেইবাবে সাক্ষাৎকাৰ অথবা নিযুক্তিকেন্দ্রিক কোনো প্রক্রিয়া সম্পন্ন কৰা নহয়।

শেহতীয়াকৈ চর্চালৈ অহা আন এটা বিষয় হ’ল বিশেষ কৰ্তব্যৰত বিষয়া (অ’এছডি)। বিধানসভা সচিবালয়ত যিমান সংখ্যক অ’এছডি আছে, সিমান ৰাজ্যখনৰ মুৰব্বী মুখ্যমন্ত্ৰীৰ লগতো নাই বুলি সৰৱ চর্চা চলি আহিছে। অধ্যক্ষ দৈমাৰীয়ে যেন মন গ’লেই নিজৰ পছন্দৰ মানুহবোৰক অৱসৰৰ পাছতো বিদায় নিদি অ’এছডি কৰি ৰাখি থৈছে।

একোজন অ’এছডিৰ কাৰ্যকাল অৱসৰৰ পাছতো চাৰিবাৰ বৃদ্ধি কৰা হৈছে। উদাহৰণ স্বৰূপে শৰ্মা উপাধিৰ এজন অ’এছডিৰ কাৰ্যকাল এনেদৰে বৃদ্ধি হোৱাই নহয়, জীয়ৰীকো তেওঁ বিধানসভাত নিযুক্তি দিবলৈ সক্ষম হৈছে। অথচ এই নিযুক্তিত সাধাৰণ নিয়মবোৰো পালন কৰা হোৱা নাই। অ’এছডিৰ ক্ষেত্ৰত সৰ্বাধিক চর্চাত থকা নামটো হ’ল সৌমেন বৰুৱা।

বিধানসভা সচিবালয়ত এনে চৰ্চাৰ অন্ত নাই, য’ত যিকোনো অনিয়মৰ কথা ওলালেই বৰুৱাৰ নাম উচ্চাৰিত নোহোৱাকৈ নাথাকে। অ’এছডিৰ নামতে বিধানসভাত দৰমহাৰ বাবদ প্রতিমাহে লাখ লাখ টকা ব্যয় হয়। সম্প্ৰতি চৰ্চাৰ তুংগত থকা বিষয়টো হ’ল পিঠা-পনা দৈনিক যোগানৰ নামত মাহিলি ব্যয় কৰা লাখ লাখ টকা। বিধানসভা সচিবালয় খোলা থকা প্রতিদিনেই বিবিধ প্ৰকাৰৰ পিঠা-লাডু এগৰাকী মহিলাৰ উদ্যোগত যোগান ধৰা হয়। থলুৱা এনে পিঠা প্রতিদিনে অধ্যক্ষৰ পৰা বিষয়ালৈকে ভাগে ভাগে আহে। কৰ্মচাৰীসকলকো যোগান ধৰা হয়।

সচিবালয়ৰ তথ্য অনুসৰি, ইয়াৰ বাবদ মাহিলি ন্যূনতম তিনি লক্ষাধিক টকা ব্যয় কৰা হয়। নাৰিকল, গুড়, তিল আদিৰে প্ৰস্তুত কৰা পিঠা-লাডু বিধে বিধে সদায় বিধানসভা সচিবালয়ত যোগান ধৰাক লৈ আমোদজনক চর্চাও চলি আহিছে। মানুহবোৰে দৈনিক ইমানো পিঠা খায় নেকি বুলি বিধানসভাৰ সচিবালয়ৰ সচেতন মহলত হোৱা চর্চা অব্যাহত আছে।

উল্লেখ্য যে নিজে ২১ টাকৈ শীত-তাপ নিয়ন্ত্রিত মেচিন (এচি) ৰ বতাহ লৈ থাকি ৰাইজক গৰমৰ দিনত গছৰ তললৈ যোৱাৰ পৰামৰ্শ দিয়া অধ্যক্ষ দৈমাৰীয়ে নিজৰ আসনখনৰ মৰ্যাদাও কেতিয়াবাই হেৰুৱাই পেলোৱা বুলি বিজেপিতে মুকলি আলোচনা হৈ আহিছে। অধ্যক্ষৰ পদত থাকিও বিভিন্ন সময়ত প্ৰদৰ্শন কৰা তেওঁৰ দলীয় ৰাজনৈতিক তৎপৰতা চকুত লগা।

Exit mobile version