Sadou Assam Nibanua Parishad Protest:ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংকু খাৰ্গেৰ বিৰূপ মন্তব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

লখিমপুৰত প্ৰিয়াংকু খাৰ্গেৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ নিবনুৱা সন্থাৰ

lakhimpur

Sadou Assam Nibanua Parishad Protest:

সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্রীয় সমিতিৰ সভাপতি ধর্মেন্দ্র দেউৰী আৰু সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কয় দীর্ঘ দিনৰ মূৰত অসমলৈ উদ্যোগীকৰণ ব্যৱস্থাই অসমৰ নিবনুৱা সকলৰ সংস্থাপনৰ পথ সুগম হৈছে। শেহতীয়াকৈ জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ জৰিয়তে অসমৰ ৩০ হেজাৰ নিবনুৱা যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিব।

শুক্ৰবাৰে সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ পুত্ৰ কৰ্ণাটকৰ মন্ত্রী প্রিয়াংক খার্গে অসমত দক্ষতা অভাৱ আৰু গৱেষণাৰ কোনো পৰিৱেশ নাই। এনে স্থলত অসমত কিয় ছেমি কণ্ডাক্ট প্রকল্প বুলি বিৰূপ মন্তব্য কৰাত সদৌ অসম নিবনুৱা সন্থাই তীব্ৰ বিৰোধিতা কৰাৰ লগতে গৰিহণা প্ৰদান দিয়ে।

শণিবাৰে লক্ষীমপুৰ জিলাৰ নগৰৰ মাজ মজিয়াত প্রিয়াংক খাৰ্গেৰ প্ৰতিমূর্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰি প্রিয়াংক খাৰ্গেক অসমবাসীৰ ওচৰত ক্ষমা খুজিবৰ বাবে নিবনুৱা সন্থাই দাবী জনাইছে। লগতে সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সভাপতি আৰু অসম প্রদেশ কংগ্ৰেছ দলক তেখেত সকলৰ স্থিতি স্পষ্ট কৰিবৰ বাবে নিবনুৱা সন্থাই দাবী জনায়।

Exit mobile version