Bisha Hindu Parishad:বিশ্ব হিন্দু পৰিষদৰ সভাত প্ৰখণ্ডৰ উপ-সভাপতি নিৰ্বাচিত শিখা শৰ্মা

sikha

Bisha Hindu Parishad:

খ্যাতনামা সমাজ সংগঠক, লেখিকা, সংগীত শিল্পী শিখা শৰ্মাক বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ উপ-সভাপতি হিচাপে মনোনীত কৰা হৈছে। বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ মঠ-মন্দিৰ, অৰ্চক-পুৰোহিত প্ৰমুখ শুভাৰম বৰা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পাঞ্জাবাৰী শাখাৰ কাৰ্যবাহ বুদ্ধি প্ৰসাদ খনাল প্ৰমুখ্যে সংঘৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল উপস্থিতিত অনুষ্ঠিত বৈঠকত সমাজ সংগঠকগৰাকীৰ ওপৰত এই দায়িত্ব অৰ্পণ কৰা হয়।

খানাপাৰাৰ শংকৰদেৱ কৃষ্টি কেন্দ্ৰত প্ৰখণ্ডৰ সভাপতি প্ৰভাত চন্দ্ৰ ঠাকুৰীয়াৰ পৌৰোহিত্যত আজি অনুষ্ঠিত বৈঠকত প্ৰখণ্ডৰ উপদেষ্টা হিচাপে মনোনীত কৰা হয় অভিযন্তা নিবীড় শৰ্মা, আয়ুষ্কাম বহুমুখী সমবায় সমিতি লিমিটেডৰ সঞ্চালক ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী, বিদায়ী সভাপতি প্ৰভাত চন্দ্ৰ ঠাকুৰীয়া আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰবীণ স্বয়ংসেৱক নৱৰাজ খনালক। সভাপতি আৰু সম্পাদক হিচাপে নিৰ্বাচিত হয় ক্ৰমে খিলেশ্ৰৰ বৰা আৰু বোলা নায়কক।

Exit mobile version