India’s stock market is in dire straits:ভাৰতৰ শ্বেয়াৰ বজাৰত ভয়াৱহ বিপৰ্যয় !

চীনমুখী হৈছে ভাৰতত বিনিয়োগ কৰি অহা বিদেশী বিনিয়োগকাৰী, পশ্চিম এছিয়াত ইজৰাইল-হিজবুল্লাৰ সংঘৰ্ষও শ্বেয়াৰ পতনৰ অন্যতম কাৰণ

chair market

India’s stock market is in dire straits:

দেশৰ শ্বেয়াৰ মার্কেটত তীব্র আঘাত। উৎসৱৰ প্ৰাকক্ষণত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে শ্বেয়াৰ মার্কেটত। শ্বেয়াৰ বজাৰৰ অৱস্থা দেখি মুৰে কপালে হাত দিছে বিনিয়োগকাৰীয়ে। সোমবাৰে সপ্তাহৰ প্রথমটো দিনতে ১.৫৩ শতাংশ অর্থাৎ এহেজাৰ পইণ্টৰ অধিক নামিল ছেনছেক্স। ১.৪১ শতাংশ স্খলিত হ’ল নিফটিও। ফলত ২৬ হেজাৰৰ তললৈ অৱনমিত হ’ল এই শ্বেয়াৰ সূচাংক। আজি বজাৰ এইদৰে ৰক্তাক্ত হোৱাত ২.৭৩ লাখ কোটি টকা হেৰুৱালে বিনিয়োগকাৰীয়ে।

মুম্বাই ষ্টক এক্সচেঞ্জত তালিকাভুক্ত সংস্থাসমূহৰ মূলধন কমেও ৪৫০ লাখ কোটি টকা হ্রাস পালে। উৎসৱৰ প্ৰাকক্ষুহূৰ্তত শ্বেয়াৰ বজাৰ এইদৰে খহি যোৱাৰ আঁৰত একাধিক কাৰণ আছে বুলি বিশেষজ্ঞসকলে ব্যাখ্যা দাঙি ধৰে। বিগত সপ্তাহত হোৰাহোৰে বৃদ্ধি পাইছিল ছেনছেক্স আৰু নিফটি। ফলত খুচুৰা বিনিয়োগকাৰীয়ে বিনিয়োগৰ অংক বৃদ্ধি কৰে। অৱশ্যে শ্বেয়াৰৰ উচ্চ মূল্যায়নক লৈ তেওঁলোকৰ আশংকা আছে। যাৰ প্ৰভাৱত শ্বেয়াৰৰ মূল্য পতন হোৱা বুলি বিত্তীয় বিশ্লেষকসকলে কয়।

এনে পতনৰ দ্বিতীয়টো কাৰণ হৈছে বিদেশী প্রতিষ্ঠানিক বিনিয়োগকাৰীসকলে চীনৰ বজাৰৰ প্ৰতিহে অধিক আকর্ষিত হৈছে। চীনৰ চৰকাৰে ধাৰবাহিকভাৱে আগবঢ়োৱা উদগনিৰ বাবে এইসকল মূলতঃ আকর্ষিত হৈছে। যোৱা শুকুৰবাৰ অৰ্থাৎ ২৭ ছেপ্টেম্বৰত দেশৰ ঘৰুৱা বজাৰত ১২০০ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰে দেশী- বিদেশী বিনিয়োগকাৰীসকলে।

সোমবাৰে বজাৰ খোলাৰ লগে লগে ইয়াৰ প্ৰভাৱ পৰে ছেনছেক্স আৰু নিফটিৰ ওপৰত। বিনিয়োগ কৌশলী ড° ভি কে বিজয় কুমাৰে এই সন্দৰ্ভত কয়, ‘বজাৰ লাহে লাহে অনাগত সময়ত সান্ত্বনাদায়ক পৰ্যায়ত ওপৰলৈ উঠিব। বিদেশী বিনিয়োগকাৰীসকল চীনৰ ষ্টক মার্কেটৰ ব্যাপক উত্থানৰ দ্বাৰা প্ৰভাৱিত হৈছে। চীনা কর্তৃপক্ষই দিয়া বিত্তীয় উদগনিয়ে চীনৰ অর্থনীতিৰ পুনৰ উত্থান ঘটাব বুলি আশাৰ সঞ্চাৰ হৈছে।’

মাত্র এয়ে নহয়, ৰাজনৈতিক উত্তেজনাও বিশেষকৈ লেবাননত ইজৰাইলৰ আক্রমণে বিশ্বৰ বজাৰত অনিশ্চয়তাৰ সৃষ্টি কৰিছে। পশ্চিম এছিয়াৰ ইজৰাইল-হিজবুল্লাৰ মাজত অব্যাহত থকা সংঘৰ্ষও শ্বেয়াৰ বজাৰত পতনৰ কাৰণ বুলি বিশ্লেষক মহলে কয়। সম্ভাব্য যোগান বৃদ্ধিৰ পৰিস্থিতিতো তেলৰ মূল্য সুস্থিৰ হৈ আছে যদিও মধ্যপ্রাচ্যত অব্যাহত থকা সংঘৰ্ষই ইন্ধনৰ যোগানক লৈ উদ্বেগ বৃদ্ধি কৰিছে। বিশ্লেষক মহলে কয় যে তেল আমদানিৰ ক্ষেত্ৰত থকা ভাৰতৰ নিৰ্ভৰশীলতাৰ বাবেই ভাৰতীয় শ্বেয়াৰ বজাৰত চাপ সৃষ্টি হৈছে।

Exit mobile version