Scrap metal dealer’s father gave his son an iPhone16:
পুত্ৰই ব’ৰ্ডৰ পৰীক্ষাত অতি ভাল ফলাফল লাভ কৰাত পেলনীয়া সা-সামগ্রীৰ ব্যৱসায় কৰা পিতৃয়ে উপহাৰ দিলে আইফোন।সামাজিক মাধ্যমত সম্প্রতি ভাইৰেল হ’ল এনে এজন পিতৃ। ব’ৰ্ডৰ পৰীক্ষাত শীর্ষস্থান লাভ কৰা পুত্ৰক পেলনীয়া সামগ্রী সংগ্ৰহ কৰি ধন উপাৰ্জন কৰা পিতৃয়ে ক্ৰয় কৰি দিলে এটা আইফোন-১৬। সামাজিক মাধ্যমত এই বাতৰি প্ৰচাৰৰ পাছত এই পিতৃক ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে ‘ফাডাৰ অৱ দ্য ইয়েৰ’ বুলি অভিহিত কৰিছে।
সামাজিক মাধ্যম ‘এক্স’ত ‘ঘৰ কে কলেশ’ নামৰ এক হেণ্ডেলত শ্বেয়াৰ কৰা হৈছে এই বিষয়ক এক ভিডিত্ত্ব’। ভিডিঅ’ত আবদ্ধ হোৱা দৃশ্য অনুসৰি, পুৰণি ভঙা-চিঙা সামগ্রী সংগ্ৰহ কৰি জীৱিকা অর্জন কৰা এজন ব্যক্তিয়ে এটা আইফোন-১৬. পুত্ৰক উপহাৰ দিয়াৰ দৃশ্য আবদ্ধ হৈছিল।
উল্লেখ্য যে আইফোন- ১৬ যোৱা সপ্তাহত ভাৰতত মুকলি কৰা হৈছিল। প্ৰকাশিত বাতৰি অনুসৰি, পেলনীয়া সামগ্রী সংগ্ৰহৰে ব্যৱসায় কৰা উক্ত ব্যক্তিয়ে ৮৫,০০০ টকাৰে আইফোন-১৬ নিজৰ বাবে ক্ৰয় কৰাৰ লগতে পুত্ৰৰ বাবে ক্ৰয় কৰিছিল ১.৮ লাখ টকা মূল্যৰ আইফোন-১৬।
অৱশ্যে একাংশ লোকে পুত্ৰক পৰীক্ষাৰ সফলতাৰ কাৰণত পিতৃয়ে এইদৰে লাখটকীয়া মূল্যৰ আইফোন উপহাৰ দিয়াটো উচিত হোৱা নাই বুলি মত প্ৰকাশ কৰিছে ৷ ইয়াৰ পৰিৱৰ্তে অধ্যয়নত সহায়ক হোৱা সুবিধাহে প্ৰদান কৰা উচিত আছিল বুলিও একাংশ লোকে মত প্রকাশ কৰিছে।