US astronaut Sunita Williams will finally return safely to Earth:অৱশেষত নিৰাপদে পৃথিৱীলৈ উভতি আহিব মাৰ্কিন মহাকাশচাৰী সুনীতা উইলিয়ামছ

উইলিয়ামছৰ লগতে পৃথিৱীলৈ উভতিব আন এজন মাৰ্কিন মহাকাশচাৰী বুচ উইলমৰে

weliam

US astronaut Sunita Williams will finally return safely to Earth:

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রত সুদীৰ্ঘ চাৰিমাহদিন ধৰি আবদ্ধ হৈ থকা মাৰ্কিন মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলমৰে অৱশেষত নিৰাপদে পৃথিৱীলৈ উভতি আহিব ৷

চলিতবৰ্ষৰ জুন মাহৰ পৰা মহাকাশত আবদ্ধ হৈ থকা দুই মহাকাশচাৰীক ঘূৰাই আনিবলৈ নাছাৰ এটা ৯ জনীয়া দল ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রত উপস্থিত হৈছেগৈ ।

মনকৰিবলগীয়া যে শনিবাৰে স্পেচএক্সেৰ যানখন আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাৰ পিছতে নজনীয়া দলক সুনীতা আৰু উইলমৰে আদৰণি জনায় ৷ স্পেচএক্সেৰ নজনীয়া দলে সুনীতা আৰু উইলমেৰ বাবে মহাকাশযান খনত দুখন আসন সংৰক্ষিত কৰি ৰাখিছে ৷

উল্লেখ্য যে,ইলন মাস্ক নেতৃত্বাধীন কোম্পানীটোৰ মহাকাশযান স্পেচএক্সে অহা বছৰ আৰম্ভণিতে সুনীতা আৰু উইলমৰেক পৃথিৱীলৈ ঘূৰাই আনিব।

Exit mobile version